NORTHEAST NOW (Assamese)

১৯৬২ চনৰ পাছত লাডাখৰ পৰিস্থিতি প্ৰথমবাৰৰ বাবে অতি স্পৰ্শকাতৰ : এছ জয়শংকৰ

August 27, 2020 7:12 pm · এন ই নাও নিউজ

ভাৰত আৰু চীনা সৈন্যৰ পূব লাডাখত শেহতীয়া স্থিতি ১৯৬২ চনৰ পাছত প্ৰথমবাৰৰ বাবে অতি স্পৰ্শকাতৰ হিচাপে অভিহিত কৰিছে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে।

১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ কথা স্মৰণ কৰি জয়শংকৰে কয় যে, বিগত ৪৫ বছৰ পাছত দুয়োদেশৰ মাজত সীমান্তত সেনা জোৱানৰ মৃত্যু হৈছে।

এল এ চিৰ দুয়োফালে দুয়ো দেশৰ সেনা বাহিনীৰ সেহতীয়া স্থিতিকো স্পৰ্শকাতৰ হিচাপে আখ্যা দিয়ে মন্ত্ৰী জয়শংকৰে।

উল্লেখযোগ্যে যে, পূৱ লাডাখৰ গলৱান উপত্যকাত ভাৰত আৰু চীনৰ মাজত উত্তেজনাময় পৰিস্থিতিয়ে বিৰাজ কৰি আছে।

গলৱানত দুয়োখন দেশৰ সেনা বাহিনীৰ মাজত হোৱা হতাহতিত দুয়োখন দেশৰ বহুকেইগৰাকী সেনা জোৱানে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল।

কিছুদিন পূৰ্বে ভাৰতৰ চীফ অফ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাটে কূটনৈতিক সম্পৰ্ক ব্যৰ্থ হ’লে চীনৰ সৈতে সামৰিক বিকল্প সম্পুৰ্ণ সাজু হৈ আছে বুলি কৈছিল।

Related News