NORTHEAST NOW (Assamese)

উৎকোচ লৈ থকাৰ সময়তে হাইলাকান্দি আৰক্ষী থানাৰ উপ-পৰিদৰ্শক সুধন্য ভট্টাচাৰ্যক গ্ৰেপ্তাৰ

November 17, 2021 4:07 pm · কল্পজ্যোতি শইকীয়া, গুৱাহাটী
Updated: November 17, 2021 4:22 pm

অসম আৰক্ষীত ঘোচখোৰ বিষয়াৰ সংখ্যা বৃদ্ধি পোৱা বুলি অভিযোগ উঠি থকাৰ সময়তে আজি তেনে অভিযোগৰ সত্যতা প্ৰমাণ হ’ল হাইলাকান্দিত।

হাইলাকান্দি আৰক্ষী থানাৰ উপ পৰিদৰ্শক(UB) সুধন্য ভট্টাচাৰ্যক গ্ৰেপ্তাৰ দুৰ্নীতি নিবাৰক শাখাৰ।

উৎকোচ লৈ থকা সময়তে হাতে লোটে ধৰা পৰে উপ- পৰিদৰ্শকগৰাকী।

টুইটাৰযোগে এই কথা জনাইছে ADGP জি পি সিঙে।

অভিযোগকাৰীৰ পৰা ৫০০০ টকা উৎকোচ লোৱাৰ সময়তে হাতে লোটে ধৰা পৰে বুলি তেওঁ জনায়।

আৰক্ষী বিষয়াগৰাকীয়ে মাটি-বাৰীৰ গোচৰ নিষ্পত্তি কৰি দিয়াৰ বাবদ উক্ত ধন উৎকোচ হিচাবে লৈছিল।

Related News