NORTHEAST NOW (Assamese)
অসম

শিবসাগৰৰ অনু বৰুৱাৰ আত্মহত্যা : অৱশেষত পুত্ৰ-বোৱাৰীক কাৰাগাৰালৈ প্ৰেৰণ

Posted by: এন ই নাও নিউজ August 14, 2018 9:44 am
Handcuff-India-min-570x320

নিজৰ আত্মহত্যাৰ টোকাত বোৱাৰীক জগৰীয়া কৰি যোৱা শিৱসাগৰ নগৰৰ সমীপৰ ঢুলীয়াপাৰ দিছিয়ালৰ অনু বৰুৱাৰ দুই পুত্ৰ আৰু দুই বোৱাৰীক সোমবাৰে আদালতে কাৰাগাৰালৈ প্ৰেৰণ কৰে।

উল্লেখযোগ্য যে ৯ আগষ্টৰ পৰা পুৱা ঘৰৰ পাছফালৰ চোতালত ৰহস্যজনকভাৱে অনু বৰুৱাৰ অগ্নিদগ্ধ মৃতদেহ উদ্ধাৰ হৈছিল। আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত এটা আত্মহত্যাৰ টোকা উদ্ধাৰ কৰা হৈছিল।

ইপিনে আৰক্ষীয়ে অনু বৰুৱাৰ আত্মহত্যাৰ আঁৰত ৰহস্যৰ গোন্ধ পাই লগে লগে দুই পুত্ৰ আৰু দুই বোৱাৰীক আটক কৰি জেৰা কৰাৰ পিছত আদালতত হাজিৰ কৰাই তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মাত লয়।

ইয়াৰ পিছতে সোমবাৰে আৰক্ষীয়ে পুনৰ আদালতত হাজিৰ কৰোৱাৰ লগে লগে চাৰিওজন অভিযুক্তকে আদালতে কাৰাগাৰালৈ প্ৰেৰণ কৰে।

অনু বৰুৱাৰ আত্মহত্যাক এটা সূত্ৰই এক হত্যাকাণ্ড বুলিও ক’ব বিচাৰে। অৱশ্যে আৰক্ষীৰ জেৰাত দুই পুত্ৰই মাতৃৰ মৃত্যু সন্দৰ্ভত বেলেগ বেলেগ তথ্য প্ৰকাশ কৰা বুলি জানিব পৰা গৈছে।

আনহাতে অনু বৰুৱাৰ আত্মহত্যা সন্দৰ্ভত কোনো তথ্য আৰক্ষীয়ে এতিয়াও আনুষ্ঠানিকভাৱে সদৰী কৰা নাই।