NORTHEAST NOW (Assamese)
অসম

জাঁজীত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক হৰিশ ৰাৱটক বিপুল আদৰণি

Posted by: ৰাজীৱ দত্ত September 24, 2018 9:40 pm
IMG-20180924-WA0025

অসম কংগ্ৰেছৰ নৱ নিযুক্ত পৰ্যবেক্ষক হৰিষ ৰাৱটে সমাগত লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ ল’বলৈ অসমৰ বিভিন্ন প্ৰান্তলৈ যোৱাৰ সমান্তৰালকৈ আজি দলীয় কাৰ্যসূচীত অংশগ্ৰহণৰ উদ্দেশ্যেৰে শিৱসাগৰত উপস্থিত হয়।

আজি সন্ধিয়া উপস্থিত হোৱা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক হৰিশ ৰাৱটক শিৱসাগৰ জিলাৰ জাঁজীৰ গড়মূৰ লাচিত উদ্যানৰ সমীপত বিপুলভাৱে আদৰণি জনাই আমগুৰি সমষ্টিৰ দলীয় কৰ্মী সকলে।

অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ সভানেত্ৰী তথা আমগুৰি সমষ্টিৰ কংগ্ৰেছৰ নেত্ৰী অংকিতা দাসৰ নেতৃত্বত আমগুৰি আৰু গৌৰীসাগৰ কংগ্ৰেছ কৰ্মী সকলে দলৰ সৰ্বভাৰতীয় নেতাজনক আদৰণি জনায়।

ইয়াৰ পাছতেই জাঁজী নন্দনবন ৰিৰ্জটত অনুষ্ঠিত এখন দলীয় সভাত নেতা গৰাকীয়ে ভাষণ প্ৰদান কৰে। আজিৰ এই ভ্ৰমণ কালৰ সময়ত ৰাৱটক সংগ দিয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা সাংসদ ৰিপুণ বৰা আৰু শিৱসাগৰ জিলা কংগ্ৰেছৰ সভাপতি সুশান্ত বুঢ়াগোহাঁইয়ে।

ইয়াৰ পাছতেই  নিখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক গৰাকীয়ে জাঁজী নন্দনবন ৰিৰ্জটৰ সন্মুখত থকা লাচিত উদ্যানৰ মহাবীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্ত্তিত মাল্যৰ্পণ প্ৰদান কৰে।