NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰৰ নিতাইপুখুৰীত আবকাৰী বিভাগৰ অভিযানত বৃহৎ সংখ্যক লালিগুৰ জব্দ

Posted by: পাৰ্শ্বজ্যোতি গগৈ February 26, 2019 7:21 am
molasses seized

শিৱসাগৰত অব্যাহত আছে অবৈধ চুলাই মদৰ বিৰুদ্ধে অভিযান। সোমবাৰে শিৱসাগৰ জিলাৰ আবকাৰী বিভাগ আৰু ডিমৌ আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত অবৈধ চুলাই মদৰ বিৰুদ্ধ অভিযান চলায় ডিমৌৰ নিতাইপুখুৰীৰ দুটা গুডামৰ পৰা বৃহৎ সংখ্যক লালিগুৰ জব্দ কৰে।

উক্ত গুডাম দুটাৰ পৰা প্ৰায় ৬০০ টিন লালিগুৰ জব্দ কৰিবলৈ সক্ষম হয় বুলি অভিযানকাৰী দলটোৱে জনায়। এই বৃহৎ পৰিমাণৰ লালিগুৰখিনি চুলাই মদ প্ৰস্তুত কৰাৰ বাবে মজুত কৰি ৰাখিছিল বুলি সন্দেহ কৰা হৈছে। পৰৱৰ্তী সময়ত লালিগুৰখিনি ডিমৌ থানাত চমজাই দি দণ্ডাধীশে গুডামটো ছীল কৰি দিয়ে।

আনহাতে দেওবাৰেও ডিমৌৰ গজালি অঞ্চলত বিচনাৰ ভিতৰত লুকুৱাই থোৱা অৱস্থাত বৃহৎ পৰিমাণৰ লালিগুৰৰ টিন জব্দ কৰিছিল অভিযানকাৰী দলটোৱে।

molasses seized
অভিযানকাৰী দলটো। ফটো : নৰ্থ-ইষ্ট নাও

ইয়াৰোপৰি অভিযানকাৰী দলটোৱে ডিমৌৰ খড়াহাট, আঠাবাৰী বঙালী বস্তি, নিতাইপুখুৰী, বাটগাজ অঞ্চলৰ বিভিন্ন স্থানত অভিযান চলাই প্ৰায় ৫০০ লিটাৰ চুলাই মদ জব্দ কৰি নষ্ট কৰা হয়।

উল্লেখ্য যে আজি কেইবা দিনৰ পৰা শিৱসাগৰ জিলাৰ অবকাৰী বিভাগৰ পৰিদৰ্শক অৰুনজ্যোতি ভৰালী আৰু ডিমৌৰ দণ্ডাধীশ ইন্দিকা গগৈৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অবৈধ সুৰা আৰু চুলাই মদৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই আছিল। এই অভিযানত চুলাই মদ, অৰুণাচলী সুৰা আৰু বৃহৎ সংখ্যক লালিগুৰ জব্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে বহুকেইজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হৈছে।