NORTHEAST NOW (Assamese)

অনিৰ্দিষ্টকাললৈ তলা ওলমিল শিৱসাগৰৰ ঐতিহাসিক ক্ষেত্ৰৰ টিকট ঘৰত

August 29, 2018 7:13 am · পাৰ্শ্বজ্যোতি গগৈ
Updated: August 29, 2018 7:15 am

শিৱসাগৰৰ ঐতিহাসিক ক্ষেত্ৰ ৰংঘৰ-তলাতল ঘৰৰ টিকট গৃহত বৃহত্তৰ অসমীয়া যুৱ মঞ্চ জয়সাগৰ আঞ্চলিকে ওলমালে তলা। শিৱসাগৰৰ এই ঐতিহাসিক ক্ষেত্ৰসমূহৰ প্ৰৱেশ মূল্য বৃদ্ধি কৰাৰ কাৰণেই মঞ্চৰ জয়সাগৰ আঞ্চলিকে এই সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখযোগ্য যে যোৱা ৯ আগষ্টতে সংগঠনটোৱে পুৰাতত্ব বিভাগ আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ বিৰুদ্ধে ঐতিহাসিক ক্ষেত্ৰসমূহ দৰ্শনৰ বাবে অহা পৰ্যটকৰ সা-সুবিধাৰ দিশটোক পিঠি দিয়াৰ বিপৰীতে প্ৰৱেশ মাচুল বৃদ্ধি কৰা কাৰ্যৰ তীব্ৰ গৰিহণা দিছিল আৰু জিলা উপায়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰি প্ৰৱেশ মাচুল বৃদ্ধিৰ সিদ্ধান্ত বাতিল কৰিবলৈ পথ অৱৰোধ কৰি প্ৰতিবাদো সাব্যস্ত কৰিছিল।

কিন্তু এই প্ৰতিবাদ সাব্যস্ত কৰাৰ ২০ দিন পাৰ হৈ যোৱাৰ পাছতো জিলা প্ৰশাসণ আৰু পুৰাতত্ব বিভাগে ঐতিহ্য ক্ষেত্ৰ সমুহৰ প্ৰৱেশ মাচুল হ্ৰাস নকৰাৰ বাবে বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ জয়সাগৰ আঞ্চলিকে মঙলবাৰে ৰংঘৰ তলাতল ঘৰৰ টিকট গৃহত অনিৰ্দিষ্ট কালৰ বাবে তলা ওলমাই দিয়ে।

সংগঠনটোৰ দাবী পৰ্যটকৰ বাবে নিম্নতম সা-সুবিধা প্ৰদান কৰাত গুৰুত্ব নিদিয়া আৰু এই ঐতিহাসিক সমল সমুহৰ সংৰক্ষণৰ ব্যৱস্থা নকৰা পুৰাতত্ব বিভাগে পৰ্যটকৰ প্ৰৱেশ মাচুল বৃদ্ধিৰ কাৰ্যক কোনোকালে মানি লোৱা নহ’ব। যেতিয়ালৈকে প্ৰৱেশ মাচুল হ্ৰাস নকৰে তেতিয়ালৈকে টিকট ঘৰত এই তলা বন্ধ কাৰ্যসূচী অব্যাহত থাকিব বুলি মন্তব্য কৰে সংগঠনটোৱে।

Related News