NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰৰ কেন্দ্ৰীয় বজাৰ সম্পূৰ্ণ বন্ধ; দুজন ব্যৱসায়ীৰ দেহত ক’ভিড পজিটিভ

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ August 17, 2020 10:03 pm

এক ভয়ংকৰ গণ সংক্ৰমণৰ আশংকা কৰা হৈছে শিৱসাগৰত। শিৱসাগৰৰ কেন্দ্ৰীয় বজাৰৰ দুজন ব্যৱসায়ীৰ দেহত ক’ভিড-১৯ ধৰা পৰাত আজিৰ পৰা বজাৰখন সম্পূৰ্ণ ভাৱে বন্ধ কৰি দিয়া হয়।

উল্লেখ্য যে দেওবাৰে ৰেপিড এন্টিজেন টেষ্টত কেন্দ্ৰীয় বজাৰৰ দুজন ব্যৱসায়ীৰ দেহত ধৰা পৰিছিল ক’ভিড-১৯ পজিটিভ।

সোমবাৰে শিৱসাগৰ জিলা প্ৰশাসনৰ নিৰ্দেশত শিৱসাগৰ পৌৰ প্ৰশাসনে কেন্দ্ৰীয় বজাৰ সম্পূৰ্ণ চেনিটাইজ কৰাৰ লগতে কেন্দ্ৰীয় বজাৰৰ প্ৰতিজন ব্যৱসায়ীক স্বাস্থ্য বিভাগে ৰেপিড এন্টিজেন টেষ্ট কৰাৰ লগতে প্ৰত্যেকৰে স্বাব সংগ্ৰহ কৰে।

সোমবাৰে কৰা ৰেপিড এন্টিজেন টেষ্টত আন তিনিজন ব্যৱসায়ীৰ দেহত ক’ভিড-১৯ পজিটিভ ধৰা পৰাত আতংক বিৰাজ কৰিছে কেন্দ্ৰীয় বজাৰৰ ব্যৱসায়ী সকলৰ মাজত।

আনহাতে কেন্দ্ৰীয় বজাৰখন শিৱসাগৰৰ প্ৰাণ কেন্দ্ৰ স্বৰূপ। দৈনিক হাজাৰ হাজাৰ গ্ৰাহকে ভিৰ কৰেহি কেন্দ্ৰীয় বজাৰত। এই বজাৰৰ ব্যৱসায়ীৰ দেহত ক’ভিড-১৯ পজিটিভ ধৰা পৰাত শিৱসাগৰত গণ সংক্ৰমণৰ আশংকা কৰা হৈছে।

ইপিনে শনি আৰু দেওবাৰে লকডাউনৰ বাবে চহৰৰ সকলো দোকান পোহাৰ বন্ধ থকাৰ পিছত আজি সোমবাৰে পুনৰ কেন্দ্ৰীয় বজাৰ বন্ধ হৈ পৰাত শিৱসাগৰবাসী যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা পৰিলক্ষিত হয়।