NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত সন্ত্ৰাসবাদ বিৰোধী দিৱস পালন

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া May 22, 2019 3:20 pm

মংগলবাৰে দেশৰ আন আন ঠাইৰ লগতে শিৱসাগৰতো সন্ত্ৰাসবাদ বিৰোধী দিৱস পালন কৰা হয়। ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীৰ মৃত্যুৰ সৈতে সংগতি ৰাখি ২১ মে’ৰ দিনটোক ভাৰতত চৰকাৰীভাৱে সন্ত্ৰাসবাদ বিৰোধী দিৱস হিচাপে পালন কৰা হয়।

এই দিৱস উপলক্ষে শিৱসাগৰ জিলা প্ৰশাসনৰ সকলো বিষয়া কৰ্মচাৰীয়ে সন্ত্ৰাসবাদ তথা সকলো ধৰণৰ হিংসাৰ বিৰুদ্ধে যুঁজাৰ সংকল্প গ্ৰহণ কৰে।

পুৱা ১১ বজাত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ চুকাফা সভাকক্ষত আয়োজিত এক অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত জোনমণি সোনোৱালে জিলা প্ৰশাসনৰ সকলো বিষয়া কৰ্মচাৰীক অহিংসা, সহিষ্ণুতাৰ ভাৰতীয় পৰম্পৰা অক্ষন্নু ৰাখি সমাজত শান্তি, সম্প্ৰিতি আৰু সমন্বয় স্থাপনৰ শপত বাক্য পাঠ কৰায়।

শপত বাক্য পাঠ কৰোৱাৰ পিছত অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে শান্তি সমন্বয় অহিংসাৰ এই বাৰ্তা সমাজৰ সকলো, শ্ৰেণীৰ জনসাধাৰণৰ মাজত বিলাবলৈ উপস্থিত সকলো কৰ্মচাৰীক আহ্বান জনায়।