NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত সাম্প্ৰতিক কালৰ শৌক্ষিক দৃশ্যপট শীৰ্ষক বক্তৃতানুষ্ঠান

Posted by: পার্শ্বজোতি গগৈ September 9, 2019 4:42 pm

আজি শিৱসাগৰ প্ৰেছ ক্লাবৰ উদ্যোগত সপ্তদশ বাৰ্ষিক অঞ্জলি দত্ত সোঁৱৰণি স্মাৰক বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। শিৱসাগৰ যুৱদল প্ৰেক্ষাগৃহত পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত হোৱা এই অনুষ্ঠানৰ শুভ উদ্ধোধন কৰে শিৱসাগৰ জিলা উপায়ুক্ত এছ লক্ষ্মণনে।

শিৱসাগৰ প্ৰেছ ক্লাবৰ সম্পাদক ইনামূল হাজৰিকাই আঁত ধৰা অনুষ্ঠানটো সঞ্চালন কৰে শিৱসাগৰ প্ৰেছ ক্লাবৰ সভাপতি সৌমাৰজ্যোতি মহন্তই।

সাম্প্ৰতিক কালৰ শৌক্ষিক দৃশ্যপট আৰু দক্ষতাকেন্দ্ৰীক শিক্ষাৰ প্ৰয়োজনীয়তা শীৰ্ষক বক্তৃতানুষ্ঠানত মূখ্য বক্তা হিচাপে উপস্থিত থাকে স্কিল ডেভলেপমেন্ট মিচন, অসমৰ পৰিচালন সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰী।

অনুষ্ঠানটোত বিশিষ্ট ভাস্কৰ্য শিল্পী দূৰ্লভ বৰাক ২০১৮-১৯ বৰ্ষৰ শিল্পী বঁটা প্ৰদান কৰা হয়। তাৰোপৰি হাইস্কুল শিক্ষান্ত পৰীক্ষা অৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত ভাল ফলাফল লাভ কৰা দৰিদ্ৰ ছাত্ৰ-ছাত্ৰী সকলক এককালিন নগদ ধনৰ জলপানি প্ৰদান কৰা হয়।

লগতে মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক প্ৰদান কৰা হয় থানেশ্বৰ দত্ত, অঞ্জলি দত্ত, কাৰ্তিক চন্দ্ৰ ভাগৱতী, আলফৰিদ চাজাদ আৰু জিতেন চুতীয়া সোঁৱৰণি বঁটা।

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে আৰক্ষী অধীক্ষক অমিতাভ সিনহা , জিলা শিক্ষা বিষয়া আব্দুল জেলিল,  বিশিষ্ট সমাজকৰ্মী অনুপ দত্ত।