NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰ জিলা কৰ্মচাৰী পৰিষদৰ উদ্যোগত চহিদ দিৱস পালন

Posted by: পাৰ্শ্বজ্যোতি গগৈ November 2, 2018 9:35 am
IMG-20181101-WA0041

সদৌ অসম কৰ্মচাৰীৰ আহ্বানত শিৱসাগৰ জিলা কৰ্মচাৰী পৰিষদৰ উদ্যোগত আৰু সদৰ কৰ্মচাৰীৰ সহযোগত ১ নৱেম্বৰ বৃহস্পতি বাৰে শিৱসাগৰ জিলা কৰ্মচাৰী ভৱনৰ প্ৰাংগনত দিনজোৰা কাৰ্য্যসূচীৰে চহিদ দিৱস পালন কৰা হয়।

শিৱসাগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই বন্তি প্ৰজ্বলনেৰে চহিদ দিৱস কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে। শুভাৰম্ভণি অনুষ্ঠানৰ পাছতে চহিদ সকলৰ আত্মাৰ চিৰশান্তি কামনা কৰি ভাগৱত, কোৰাণ, গুৰুবাণী আদি পাঠ কৰা হয়।

অনুষ্ঠানটোত বিদ্যালয় সমূহৰ পৰিদৰ্শক আব্দুল জেলিল, সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক শৰৎ হাজৰিকা,  পৌৰসভাৰ পৌৰপতি মৃদুস্মিতা সিংহকে ধৰি বিভিন্ন বিভাগৰ প্ৰায় তিনি শতাধিক কৰ্মচাৰী উপস্থিত থাকে।