NORTHEAST NOW (Assamese)
অসম

কঢ়া নিৰ্দেশ; মুৰত হেলমেট নাই যদি তেলো নাই

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ June 25, 2019 11:40 am
Sivasagar Fuel

শিৱসাগৰ জিলা প্ৰশাসনে জিলা পৰিবহন বিভাগৰ সহযোগত পথ দূৰ্ঘটনাৰ পৰা জীৱন বচাবৰ বাবে জিলাখনৰ প্ৰত্যেকটো তেল ডিপোত হেলমেট পৰিধান নকৰা ব্যক্তিক তেল নিদিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে।

শিৱসাগৰ জিলা উপায়ুক্তৰ স্বাক্ষৰ সম্বলিত এখন পত্ৰৰ যোগেৰে জিলাখনৰ ২৯ টা পেট্ৰল পাম্পলৈ হেলমেট পৰিধান নকৰা দুচকীয়া বাহন আৰোহীক তেল প্ৰদান নকৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে জিলা প্ৰশাসনে।

তাৰোপৰি, পেট্ৰ’ল পাম্পৰ বিভিন্ন স্থানত চি চি টিভি কেমাৰ সংস্থাপন কৰাৰ নিৰ্দেশ দিছে জিলা প্ৰশাসনে যাতে কোনো তেল ডিপোই হেলমেট নিপিন্ধা ব্যক্তিক তেল দিলে সেই ডিপোৰ বিৰুদ্ধে প্ৰমাণ সহ বিহিত ব্যৱস্থা ল’ব পৰা যায়।

জিলাখনৰ তেল ডিপোসমূহে প্ৰশাসনৰ নিৰ্দেশনা মানি ২৪ জুনৰ পৰা ডিপোৰ সন্মুখত ‘নো হেলমেট, নো ফিউল’ ফলক আৰি দিয়াৰ লগতে হেলমেট পৰিধান নকৰা ব্যক্তিক তেল দিয়াৰ পৰা বিৰত থাকে।

উল্লেখযোগ্য যে, শিৱসাগৰ জিলা প্ৰশাসনৰ এই কঠোৰ নিৰ্দেশনাক জিলাখনৰ স্থানীয় সচেতন জনসাধাৰণে আদৰণি জনাইছে। অগন্তুক দিনত এই নিৰ্দেশনা কিমান দিনলৈ প্ৰকৃত ৰূপত কাৰ্য্যকৰী হৈ থাকে সেয়া লক্ষ্যণীয় হ’ব।