NORTHEAST NOW (Assamese)
দেশ

আৰক্ষীৰ জালত বিজেপি নেতা সুৰেন্দ্ৰ মাটিলায়ালাক গুলীয়াই হত্যা কৰা ৬ অভিযুক্ত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 22, 2023 3:01 pm

ভাৰতীয় জনতা পাৰ্টিৰ নেতা সুৰেন্দ্ৰ মাটিয়ালাক দ্বাৰকাস্থিত নিজ কাৰ্যালয়ত দুজন আক্ৰমণকাৰীয়ে গুলীয়াই হত্যা কৰাৰ কিছুদিন পিছতে দিল্লী আৰক্ষীয়ে গুলীচালনা কৰাজনকে ধৰি ছয়জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।

ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত দ্বাৰকাৰ ডিচিপি হৰ্ষবৰ্ধন মাণ্ডৱে কয় , “সুৰেন্দ্ৰ মাটিয়ালাৰ হত্যাকাণ্ডৰ গোচৰত গুলীচালনাকাৰী যোগেশকে ধৰি ছয়জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। ধৰা পৰাসকলৰ ভিতৰত দুজন নাবালক।

বিষয়াগৰাকীয়ে লগতে কয় যে গুলীচালনা কৰা যোগেশ ঝজ্জাৰ জিলাৰ বাসিন্দা। আত্মগোপন কৰি থকা মষ্ট ৱান্টেড গেংষ্টাৰ কপিল চাংৱানৰ ঘনিষ্ঠ সম্পৰ্ক আছে হত্যাকাৰী যোগেশৰ।

জানিব পৰা মতে যোগেশৰ হাতৰ পৰা এটা অস্ত্ৰ উদ্ধাৰ কৰা হৈছে। আন পাঁচজনৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰৰ গোচৰ ৰুজু কৰা হৈছে।

আৰক্ষীৰ মতে, প্ৰাৰম্ভিক তদন্তত প্ৰকাশ পাইছে যে অভিযুক্তই অঞ্চলটোত নিজৰ আধিপত্য দেখুৱাব বিচৰাৰ বাবেই এই ঘটনা সংঘটিত কৰিছিল।

আৰক্ষীৰ তথ্য অনুসৰি যোৱা ১৪ এপ্ৰিলৰ সন্ধিয়া বিন্দাপুৰ অঞ্চলত গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল য’ত ৬০ বছৰীয়া বিজেপি নেতাজনক গুলীয়াই হত্যা কৰা হৈছিল। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, মাটিয়ালাৰ কাৰ্যালয়ত উপস্থিত হৈ দুই দুৰ্বৃত্তই মুখ ঢাকি বিজেপি নেতাজনৰ ওপৰত ১০ জাই গুলীচালনা কৰিছিল।