NORTHEAST NOW (Assamese)

জঘন্যঃ তেজপুৰত ডাইনী সন্দেহত মহিলাক হত্যা, ছয় অভিযুক্তক গ্ৰেপ্তাৰ

December 25, 2023 5:01 pm · এন ই নাও নিউজ, গুৱাহাটী

ৰাজ্যত পুনৰ সংঘটিত হৈছে ডাইনী কাণ্ড। এইবাৰ এই ঘটনা সংঘটিত হৈছে তেজপুৰত।

জিলাখনৰ বাহবাৰীত হত্যাৰ বলি হৈছে এগৰাকী মহিলা।

এই হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে ৬ জন লোকক গ্ৰেপ্তাৰ কৰিছে ।

অভিযুক্তই মহিলাগৰাকীক ‘ডাইনী’ৰ সন্দেহত হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।

আটকাধীন ব্যক্তিকেইজন হৈছে ক্ৰমে অজয় সংঘৰ, ধীৰাজ ভগুৱাৰ, সুৰজ ভাগুাৰ, পিংকু মালহাৰ, বাইলা সংঘৰ আৰু বাবুল নাগধৰ।

প্ৰকাশিত খবৰ অনুসৰি, ডাইনীৰ সন্দেহত মহিলাগৰাকীক জীৱন্তে জ্বলাই দিয়ে অভিযুক্তই।

ইতিমধ্যে মহিলাগৰাকীৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।

Related News