NORTHEAST NOW (Assamese)

ঝাৰখণ্ডত ভয়াৱহ দুৰ্ঘটনা: নদীত বাগৰি পৰিল যাত্ৰীবাহী বাছ, ছয়গৰাকী নিহত

September 17, 2022 8:39 pm · এন ই নাও নিউজ, গুৱাহাটী

ঝাৰখণ্ডৰ হাজাৰিবাগ জিলাত কিছুসময় পূৰ্বে সংঘটিত হৈছে এক ভয়াৱহ দুৰ্ঘটনা। এখন যাত্ৰীবাহী বাছ নদীত বাগৰি পৰাৰ ফলত এইপৰ্যন্ত ছয়গৰাকী লোক নিহত হোৱাৰ লগতে বহু কেইগৰাকী লোক আহত হোৱাৰ খবৰ প্ৰকাশিত হৈছে।

প্ৰায় ৫০ গৰাকী যাত্ৰী কঢ়িয়াই নিয়া বাছখন গিৰিদিহ জিলাৰ পৰা ৰাঁচী অভিমুখে যাত্ৰাৰ সময়তে তাতিঝাৰিয়া অঞ্চলত চিৱান নদীৰ ওপৰত থকা দলঙৰ ৰেলিং ভাঙি তললৈ বাগৰি পৰে।

হাজাৰিবাগ জিলাৰ আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়া মতে বহুকেইগৰাকী যাত্ৰী এতিয়াও বাছখনত আৱদ্ধ হৈ থকাৰ বাবে উদ্ধাৰ অভিযান চলাই থকা হৈছে।

ঘটনাস্থলীতে দুগৰাকী যাত্ৰীৰ মৃত্যু হোৱাৰ বিপৰীতে আন চাৰিগৰাকীক হাজাৰিবাগৰ সদৰ চিকিৎসালয়ত মৃত ঘোষণা কৰা হয় বুলি আৰক্ষী বিষয়া গৰাকীয়ে লগতে জানিবলৈ দিয়ে। তেওঁ লগতে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনাও প্ৰকাশ কৰে।

আহত সকলক লগে লগে সদৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও কেইগৰাকীমান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ব্যক্তিক উন্নত চিকিৎসাৰ বাবে ৰাঁচীৰ ৰাজেন্দ্ৰ ইনষ্টিটিউট অৱ মেডিকেল চাইন্সলৈ (RIMS) প্ৰেৰণ কৰাৰ প্ৰস্তুতি চলোৱা হৈছে বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছে।

Related News