NORTHEAST NOW (Assamese)
দেশ

ভূমি বিবাদৰ ভয়াৱহ ৰূপ: ৩ মহিলাসহ ৬ গৰাকীক গুলীয়াই হত্যা, দুগৰাকী আহত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 5, 2023 10:13 pm
Madhya Pradesh

মধ্য প্ৰদেশৰ মৰেনাত ভূমি বিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰাৰ পিছতে তিনিগৰাকী মহিলাসহ এটা পৰিয়ালৰ ৬ গৰাকী সদস্যক গুলীয়াই হত্যা কৰা হৈছে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা আন দুগৰাকী লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

এই সমগ্ৰ কাণ্ডৰ চাঞ্চল্যকৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভাইৰেল হোৱা ভিডিঅ’ত কেইবাগৰাকীও লোকে নিৰস্ত্ৰ দলটোক কাঠৰ লাঠিৰে প্ৰহাৰ কৰি মাটিত বগৰাই পাছত মাৰণাস্ত্ৰেৰে গুলীচালনা কৰি হত্যা কৰা দেখিবলৈ পোৱা গৈছে।

প্ৰকাশিত বাতৰি মতে, মৰেনা জিলা সদৰৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ নিলগত থকা লেপা নামৰ এখন গাঁৱত ধীৰ সিং টোমাৰ আৰু গজেন্দ্ৰ সিং তোমৰ পৰিয়ালৰ মাজত সংঘটিত হয় এই ঘটনা।

ঘটনাৰ বিৱৰণীৰ মতে, ২০১৩ চনতে আৱৰ্জনা পেলোৱাক লৈ পৰিয়াল দুটাৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল। সেই সময়ত দুই পৰিয়ালৰ মাজত সূত্ৰপাত ঘটা সংঘৰ্ষত ধীৰ সিং টোমাৰৰ পৰিয়ালৰ দুজন লোক নিহত হৈছিল আৰু গজেন্দ্ৰ সিং টোমাৰৰ পৰিয়ালে গাঁওখনৰ পৰা পলায়ন কৰিছিল।

আদালতৰ বাহিৰত দুয়োটা পৰিয়ালৰ মাজত বিবাদ মীমাংসা কৰাৰ পাছতে গজেন্দ্ৰ সিঙৰ পৰিয়ালটো শুকুৰবাৰে গাঁৱলৈ উভতি আহিছিল। ইয়াৰ পাছতে ধীৰ সিং টোমাৰৰ পৰিয়ালে পূৰ্ব পৰিকল্পিতভাৱে তেওঁলোকৰ ওপৰত লাঠিৰে আক্ৰমণ চলাই গুলীচালনা কৰাৰ অভিযোগ উত্থাপন হৈছে।

আৰক্ষীয়ে সদৰী কৰা মতে পুৰণি শত্ৰুতাৰ বাবে ধীৰ সিং টোমাৰৰ পৰিয়ালে গজেন্দ্ৰ সিং টোমাৰৰ পৰিয়ালৰ ওপৰত আক্ৰমণ সংঘটিত কৰে।

এই হত্যাকাণ্ডৰ সৈতে জড়িত আঠগৰাকী লোকক চিনাক্ত কৰা হৈছে আৰু তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি কৰায়ত্ত কৰিবলৈ অভিযান চলোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।