NORTHEAST NOW (Assamese)

নেপালৰ মাউণ্ট এভাৰেষ্টৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰ; ৫ বিদেশী যাত্ৰীসহ ৬ জনৰ মৃত্যু

July 11, 2023 1:31 pm · এন ই নাও নিউজ, গুৱাহাটী
প্রতিনিধিত্বমূলক ফটো।

নেপালৰ মাউণ্ট এভাৰেষ্টৰ সমীপত প্ৰথমতে নিৰুদ্দেশ হৈছিল ৬জন যাত্ৰীসহ এখন হেলিকপ্টাৰ। ৬ জনীয়া হেলিকপ্টাৰখন দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰা হৈছিল। জানিব পৰা মতে, সেই হেলিকপ্টাৰত থকা আটাইকেইজন লোকৰ এই দুৰ্ঘটনাত মৃত্যু হৈছে।

বাতৰি অনুসৰি,  প্ৰায় ১০ বজাত হেলিকপ্টাৰখনৰ কন্ট্ৰল টাৱাৰৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ পৰে। তাৰ পিছৰ পৰা এতিয়ালৈকে উদ্ধাৰ হোৱা নাই হেলিকপ্টাৰখন।

লগতে পঢ়ক: পুৱাই স্কুল বাছত প্ৰচণ্ড খুন্দা SUV-ৰ, ভাঙি চূৰমাৰ গাড়ী; দুৰ্ঘটনাত ২ শিশুসহ কমেও ৬ জন লোকৰ মৃত্যু

‘মানং এয়াৰ’ৰ হেলিকপ্টাৰখনে মাউণ্ট এভাৰেষ্টৰ আশে-পাশে থকা অঞ্চলৰ পৰা বিদেশী যাত্ৰীক লৈ গৈছিল। হেলিকপ্টাৰখনত আছিল এজন কেপ্তেইনৰ লগতে ৫ জন বিদেশী যাত্ৰী। জানিব পৰা মতে, হেলিকপ্টাৰখনৰ বিদেশী যাত্ৰীকেইজন মেক্সিকোৰ নাগৰিক আছিল।

হেলিকপ্টাৰখন কাঠমাণ্ডুলৈ উভতি যোৱাৰ কথা আছিল। কিন্তু মাজতে নিয়ন্ত্ৰণ টাৱাৰৰ সৈতে সংযোগ হেৰাই যোৱাৰ লগে লগে এই হেলিকপ্টাৰখনক কেন্দ্ৰ কৰি জল্পনা-কল্পনা আৰু আশংকাৰ সৃষ্টি হয় । পিছত নেপালৰ এটা স্থানীয় চেনেলে হেলিকপ্টাৰখনে দুৰ্ঘটনাৰ সন্মুখীন হোৱাৰ খবৰ দিয়ে।

Related News