মাৰ্ঘেৰিটাৰ লিডুত অনলাইন ডাবোল গুটি চক্ৰৰ ধৃত ৬ জনক জেল হাজোতলৈ প্ৰেৰণ

উল্লেখ্য যে, মাৰ্ঘেৰিটা আৰু ইয়াৰ উপকণ্ঠ অঞ্চল সমূহত দীৰ্ঘদিনৰ পৰা ডাবোলগুটি সদৃশ তীৰ খেল অনলাইন যোগে নিতৌ খেলোৱাৰ অভিযোগ উত্থাপন হৈ অহাৰ সময়ত সংবাদ মাধ্যমত সবিস্তাৰে বাতৰি প্ৰকাশ পোৱাৰ পাছতে মাৰ্ঘেৰিটা আৰক্ষীয়ে শামুকজান কালিবাৰী এলেকাত সুনন্দ গগৈৰ নামৰ ব্যক্তিজনৰ ভাৰা ঘৰত গোপন সূত্ৰৰ পম খেদি অভিযান চলাই অনলাইন জুৱাৰ এই চক্ৰটোৰ ৬জনক আটক কৰিবলৈ সক্ষম হয়।
অন্যহাতে কিছুদিন পূৰ্বে এই সন্দৰ্ভত বাতৰি প্ৰকাশ পোৱাত অনলাইনত জুৱা খেলোৱাৰ চক্ৰটোৰ দুইএকে নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে এনে বাতৰি প্ৰকাশৰ পৰা বিৰত থাকিবলৈ সাংবাদিকক ভাবুকি প্ৰদান কৰিছিল।
ইয়াৰ পাছতেই আৰক্ষীয়ে জুৱা চক্ৰটোৰ বিৰুদ্ধে অভিযান চলাই বিশেষ সাফল্য লাভ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, মাৰ্ঘেৰিটা আৰু ইয়াৰ উপকণ্ঠ অঞ্চল বৰগোলাই, শামুকজান, টিকক, চীনাবস্তি, লিডু, মোলাং, ৰোডগাওঁ, ইটাখোলা, টিৰাপ কলিয়ৰী আদি অঞ্চলত ব্যাপক হাৰত একাংশ এজেণ্টৰ দ্বাৰা অনলাইন ডাবল গুটি তীৰ খেলৰ এক বৃহৎ নেটৱৰ্ক গঢ়ি উঠাৰ অভিযোগ উত্থাপন হৈ আহিছিল।
প্ৰতিদিনে ২০ লাখৰো অধিক টকাৰ জুৱা খেল অহাৰো অভিযোগ উত্থাপন হৈছিল। আনকি শ্বিলং তীৰ, ভূটান তীৰ আদিৰ নামত নিতৌ লাখ লাখ টকাৰ লেনদেন হোৱাৰ এক অভিযোগ উঠিছিল।
এনে এক অভিযোগৰ ভিত্তিতে মাৰ্ঘেৰিটা আৰক্ষী অতৰ্কিতে অভিযান চলাই লিডু শামকুজান কালীবাৰীৰ অভিযান চলাই ছজনকৈ জুৱাৰীক আটক কৰাৰ লগতে ৬০ জোৰা তাচপাত, ছটা মবাইল, দুখন নোটবুক জব্দ কৰে। ধৃত কেইজন ক্ৰমে গণেশ বৰুৱা (মাৰ্ঘেৰিটা), সুপ্ৰতিম ভট্টাচাৰ্যী ( লিডু), ৰাজেন দাস (লিডু টিৰাপ গাওঁ), চুইট ৰাজকোঁৱৰ (নামৰূপ ৰঙাপাৰা),
মজিবুৰ ৰহমান বৰা (নামৰূপ দলং গাওঁ), পৰাগ গগৈ (নামৰূপ ৰঙামাটি )।
আজি কেউজনকে মাৰ্ঘেৰিটা থানাৰ ২৯১/২০২০ নম্বৰৰ এক গোচৰৰ ভিত্তিত ন্যায়িক আদালতত হাজিৰ কৰোৱাই জেল হাজোতলৈ প্ৰেৰণ কৰিছে।
অন্যহাতে এই অভিযানৰ পাছতো মাৰ্ঘেৰিটা আৰক্ষীয়ে এনে চক্ৰৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিব বুলি মহকুমা আৰক্ষী বিষয়া পোনা গগৈয়ে জানিবলৈ দিয়ে।
মাৰ্ঘেৰিটাৰ নৱ নিযুক্ত দুগৰাকী আৰক্ষী বিষয়াৰ এনে পদেক্ষেপক মাৰ্ঘেৰিটাৰ সচেতন মহলে প্ৰশংসা কৰিছে। কিন্তু অতি কৌশলেৰে খেলোওৱা এই অনলাইন জুৱা মাৰ্ঘেৰিটাৰ পৰা সম্পূৰ্ণ পুলিয়ে পোখাই উৎখাত কৰিবলৈ সক্ষম হ’ব নাই সেইয়া অতি লক্ষণীয় হ’ব।
You may also like
E20 পেট্ৰলৰ ফলত বিকল ইঞ্জিন; গাড়ীৰ মালিকৰ পক্ষতে ৰায়, ক্ষতিপূৰণৰ নিৰ্দেশ দিলে আদালতে
ইথানল মিশ্ৰিত ই-২০ পেট্ৰ’লক লৈ ভাৰতৰ প্ৰথমখন বৃহৎ আইনী যুঁজত সকাহ পাইছে এগৰাকী গাড়ীৰ মালিকে। ই-২০ পেট্ৰ’লৰ ব্যৱহাৰৰ বাবে গাড়ীৰ ইঞ্জিনত গুৰুতৰ…
অসমৰ থলুৱা সামগ্ৰী ভৌগোলিক সূচকযুক্ত কৰাৰ প্ৰস্তাৱ অসম বাজেটত
বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে দাখিল কৰা অসম বাজেট ২০১৮-১৯ত অসমৰ থলুৱা কিছুমান সামগ্ৰী ভৌগোলিক সূচক (Geographical Indicator)যুক্ত কৰাৰ প্ৰস্তাৱ কৰিছে।…
প্ৰস্ৰাৱ কৰি পেণ্ট তিয়োৱাৰ শাস্তি; ৩ বছৰীয়া শিশুৰ গোপনাংগ জ্বলালে শিক্ষকে
মাত্ৰ তিনি বছৰীয়া এটি শিশু। প্ৰস্ৰাৱ চেপি ৰাখিব নোৱাৰি পেণ্টটোকে তিয়াই দিলে। এই অপৰাধৰ বাবেই শিশুটিৰ গোপন অংগ জ্বলাই দিয়াৰ অভিযোগ উঠিছে…
নিমিষতে সংবাদ মাধ্যমৰ নয়নৰ মণি হৈ পৰিল হিমা : ছ’চিয়েল মিডিয়াতো শুভেচ্ছাৰ জোৱাৰ
বোধহয় ইয়াকে কয় স্বভাৱগত প্ৰতিভা। অসমৰ দৰে আন্তঃগাঁথনিৰ বিশেষ সুবিধা নথকা তথা খেলুৱৈৰ বাবে কোনো বিশেষ চৰকাৰী সমৰ্থন নথকা ৰাজ্য এখনৰ এখন…