NORTHEAST NOW (Assamese)

ত্ৰিপুৰাত মানুহে খালে ছডালকৈ প্ৰকাণ্ড অজগৰ

February 10, 2020 8:12 pm · এন ই নাও নিউজ
Updated: February 10, 2020 8:14 pm
অজগৰ কটি থকা অৱস্থাত

উত্তৰ-ত্ৰিপুৰা জিলাৰ ত্ৰিপুৰা-মিজোৰাম সীমান্তত দেওবাৰে ছডালকৈ প্ৰকাণ্ড অজগৰ সাপ টুকুৰা-টুকুৰকৈ কাটি জনসাধাৰণৰ মাজত ভগোৱা হয় আৰু পৰৱৰ্তী সময়ত ইয়াক ভক্ষণ কৰা হয়।

আগৰতলাৰ পৰা ২২১ কিলোমিটাৰ দূৰত ত্ৰিপুৰাৰ স্থানীয় ট্ৰাইবেল জনগোষ্ঠী এটাই অজগৰ কেইডাল হত্যা কৰে বুলি বন বিষয়াই জানিবলৈ দিয়ে।

অগজগৰৰ মাংস কাটি থকাৰ দৃশ্য ছ’চিয়েল মাধ্যমত বিয়পি পৰাৰ পাছতে পশু অধিকাৰ কৰ্মীসকলে ইয়াৰ বিপক্ষে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

‘‘বিলুপ্ত প্ৰজাতিৰ ছয়ডাল অগজৰ খাদ্যৰ বাবে হত্যা কৰা হ’ল। এনে অবৈধ কাৰ্য্যকলাপে বন আৰু বন্যপ্ৰাণীক ধ্বংস কৰি আহিছে আৰু ইয়াৰ বিৰুদ্ধে কোনোধৰণৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই,’’ এগৰাকী পশু অধিকাৰ কৰ্মীয়ে এনেদৰে কয়।

‘‘আমি স্থানীয় প্ৰশাসনক এই কাৰ্য্যৰ বিৰুদ্ধে কঠোৰ আৰু ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছো,’’ তেওঁ লগতে কয়।

ডি কে শৰ্মা নামৰ স্থানীয় মুখ্য বিষয়া এগৰাকীয়ে অজগৰ ভক্ষণৰ আলোকচিত্ৰ তেওঁ প্ৰত্যক্ষ কৰিছে বুলি উল্লেখ কৰে।

‘‘আমি ঘটনাটোৰ আলোকচিত্ৰ লাভ কৰিছো আৰু সেই আলোকচিত্ৰত কিছুসংখ্যক লোকক দেখা গৈছে। বন বিভাগক ঘটনা সন্দৰ্ভত শীঘ্ৰেই এটা ৰিপোৰ্ট দাখিল কৰাৰ বাবে নিৰ্দেশ দিয়া হৈছে,’’ তেওঁ লগতে কয়।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও মণিপুৰত হাতী হত্যা কৰি সকলোৱে মিলি ভক্ষণ কৰাৰ সচিত্ৰ বাতৰি প্ৰকাশ হৈছিল।

Related News