NORTHEAST NOW (Assamese)
অসম

চাৰিখন ৰাজ্যত উদ্ধাৰ অসমৰ পৰা সৰবৰাহ কৰা ৬গৰাকী নাবালিকা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 19, 2022 2:35 pm

দেশৰ চাৰিখন ৰাজ্যত আৰক্ষীয়ে মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা অসমৰ ৬ গৰাকী নাবালিকাক উদ্ধাৰ কৰিছে। আৰক্ষীয়ে যোৱা ১০ দিনত অসমৰ ৬গৰাকী নাবালিকাক দেশৰ বিভিন্ন প্ৰান্তৰ পৰা উদ্ধাৰ কৰিছে।

যোৱা ৮ ডিচেম্বৰত কাৰ্বি আংলং জিলাৰ ডিফু আৰক্ষী থানাত প্ৰথমখন এজাহাৰ দাখিল কৰা হৈছিল।

লগতে পঢ়ক: দলবদ্ধ ধৰ্ষণৰ বলি নাবালিকা! পৰিত্যক্ত বাংলোত নাৰকীয় যৌন নিৰ্যাতন; ৮ জনক গ্ৰেপ্তাৰ

এজাহাৰখনৰ ভিত্তি কৰি চলোৱা অভিযানত হাৰিয়ানাৰ ফতেহাবাদৰ পৰা আৰক্ষীয়ে এগৰাকী ১৬ বছৰীয়া কিশোৰীক উদ্ধাৰ কৰে আৰু এই সন্দৰ্ভত এজন মানৱ সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰা হয়।

কাৰ্বি আংলং জিলাৰ বোকাজান আৰক্ষী থানাত আৰু চাৰিখন এজাহাৰ দাখিল কৰা হৈছিল।

উক্ত এজাহাৰৰ ওপৰত ভিত্তি কৰি বোকাজান ৰে’ল ষ্টেচনৰ পৰা দুগৰাকী ছোৱালী উদ্ধাৰ কৰা হয়। আনহাতে, নাগালেণ্ডৰ ডিমাপুৰ ৰে’ল ষ্টেচন আৰু অসমৰ তিনিচুকীয়াৰ পৰা এজনীকৈ ছোৱালীক উদ্ধাৰ কৰা হয়।

লগতে পঢ়ক: বাসগৃহত জুই, পিতৃ-মাতৃৰ চকুৰ সন্মুখতে অগ্নিদগ্ধ হৈ মৃত্যু প্ৰবাসী ভাৰতীয় মহিলা ব্যৱসায়ীৰ

তদুপিৰ, ৰাজস্থানৰ ঝুনঝুনুৰ পৰা আৰু এগৰাকী ১৪ বছৰীয়া কিশোৰীক উদ্ধাৰ কৰা হৈছে।