NORTHEAST NOW (Assamese)

বিস্ফোৰক সামগ্ৰী ভক্ষণ কৰি তামিলনাডুত ৬ বছৰীয়া শিশুৰ কৰুণ মৃত্যু

June 11, 2020 7:37 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

খাদ্যবস্তু বুলি বিস্ফোৰক সামগ্ৰী ভক্ষণ কৰি তামিলনাডুৰ থিৰুচিৰাপল্লীৰ এটা ৬ বছৰীয়া শিশুৰ কৰুণভাৱে মৃত্যু হয়।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, মৃত্যু হোৱা শিশুটি বোপাঠি নামৰ লোকজনৰ পুত্ৰ।

বোপাঠি নামৰ লোকজনৰ ভাতৃয়ে মাছ ধৰৰ বাবে তিনিডাল বিস্ফোৰক সামগ্ৰীৰ লাঠি ঘৰলৈ আনিছিল।

তেওঁ ইয়াৰে দুডাল কাঠি মাছ ধৰাৰ বাবে ব্যৱহাৰ কৰিছিল যদিও এডাল কাঠি ঘৰতে ৰৈ গৈছিল।

দুৰ্ভগীয়া শিশুটিয়ে ঘৰত থকা এই কাঠি এডাল ভক্ষণ কৰে আৰু কৰুণভাৱে মৃত্যুক আকোৱালি লয়।

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে কেৰালত এটা হাতীয়ো মানুহে দিয়া বিস্ফোৰক ভৰ্তি আনাৰস খাই কৰুণভাৱে মৃত্যুক আকোৱালি লৈছিল।

গৰ্ভৱতী হাতীটোৱে কৰুণভাৱে মৃত্যুক আকোৱালি লোৱাৰ পাছত সমগ্ৰ ঘটনা সন্দৰ্ভত ছ’চিয়েল মিডিয়াত তীব্ৰ চৰ্চা চলিছিল।

গৰ্ভৱতী হাতীৰ পাছত দেশত গৰু এটাৰো বিস্ফোৰক সামগ্ৰী ভক্ষণ কৰাৰ ফলত সমগ্ৰ মুখমণ্ডলৰ ক্ষতি হৈছিল।

Related News