NORTHEAST NOW (Assamese)
অসম

KLO কে এল অ’ত যোগদান কৰিবলৈ গৈ গ্ৰেপ্তাৰ হোৱা ছয় যুৱকক অনা হ’ল কোকৰাঝাৰলৈ

Posted by: ৰিনয় বসুমতাৰী,কোকৰাঝাৰ Updated by: ৰিনয় বসুমতাৰী,কোকৰাঝাৰ July 2, 2022 5:39 pm
KLO কে এল অ’ত যোগদান কৰিবলৈ গৈ গ্ৰেপ্তাৰ হোৱা ছয় যুৱকক অনা হ’ল কোকৰাঝাৰলৈ

কমতাপুৰ লিবাৰেচন অৰ্গানাইজেচন (কে এল অ) ত যোগদান কৰিবলৈ যোৱা ছয়জন যুৱকক আজি কোকৰাঝাৰলৈ অনা হৈছে।

নাগালেণ্ডৰ মন জিলাৰ পৰা অসম আৰক্ষী আৰু নাগালেণ্ড আৰক্ষীয়ে যৌথ অভিযান চলাই ৩০ জুনত আটক কৰিছিল যুৱ কেইজনক।

আজি কোকৰাঝাৰৰ আৰ এন বি চিকিৎসালয়লৈ স্বাস্থ্য পৰীক্ষাৰ বাবে অনা হৈছে আটকাধীন যুৱককেইজনক।

আটকাধীন যুৱক কেইজনৰ মাজত আছে ক্ৰমে পশ্চিম বংগৰ অপন বৰ্মন(২৫), তাপস ৰায় (২৫), মনোজ ৰায়(২৬), কোকৰাঝাৰ উত্তৰ চৰাইখোলাৰ বিষ্ণু বৰ্মন(১৮), বিপ্লৱ ৰায়(২৪), বিশ্বজিত ৰয়(৩১)।

আটকাধীন যুৱক কেইজনে কোকৰাঝাৰ আৰক্ষীৰ জিম্মাত আছে।

উল্লেখ্য শেহতীয়াকৈ কোকৰাঝাৰকে ধৰি বঙাইগাওঁ জিলাৰ পৰাও কেইবা জনো যুৱকে কে এল অ’ত যোগদান কৰাৰ তথ্য পোহৰলৈ আহিছে।

পশ্চিমবংগতো বহু যুৱকে সংগঠনটোত যোগদান কৰিছে।