NORTHEAST NOW (Assamese)
অসম

পুনৰ্নিৰ্মিত হ’ব হাইলাকান্দিৰ এছকে ৰয় অসামৰিক চিকিৎসালয়

Posted by: ৰাহুল চক্ৰবৰ্তী January 19, 2019 6:59 am
IMG20190118161750

পাৱাৰগ্ৰিড কৰ্প’ৰেশ্যন অব ইণ্ডিয়া, উত্তৰ পূৰ্বাঞ্চলে ইয়াৰ কৰ্প’ৰেট ছচিয়েল ৰেছপনছিবিলিটী উদ্যোগৰ অধীনত অনুমোদন কৰা ৩.৮০ কোটি টকাৰে হাইলাকান্দিৰ ১০০ বিচনাযুক্ত এছকে ৰয় অসামৰিক চিকিৎসালয়খনৰ মেৰামতি আৰু পুনৰ্নিৰ্মাণৰ কাম-কাজ আৰম্ভ কৰা হৈছে।

১৮ জানুৱাৰি শুকুৰবাৰে এই সন্দৰ্ভত পাৱাৰগ্ৰিড কৰ্প’ৰেশ্যন আৰু হাইলাকান্দি জিলা প্ৰশাসনৰ মাজত এখন বুজা-বুজিৰ চুক্তি স্বাক্ষৰিত হৈ যায়। অসামৰিক চিকিৎসালয়খনৰ চৌহদত অনুষ্ঠিত এটা অনুষ্ঠানত এই চুক্তি স্বাক্ষৰিত হৈ যায়। জিলা প্ৰশাসনৰ হৈ জিলা উপায়ুক্ত আদিল খান আৰু পাৱাৰগ্ৰিডৰ হকে কৰ্প’ৰেশ্যনটোৰ মহাপ্ৰৱন্ধক (মানৱ সম্পদ) এ কে বৰঠাকুৰৰ মাজত এই চুক্তি স্বাক্ষৰিত হৈ যায়।

স্থানীয় বিধায়ক আনৱাৰ হুছেইন লস্কৰ,পাৱাৰগ্ৰিডৰ মহাপ্ৰৱন্ধক (মানৱ সম্পদ)বৰঠাকুৰ, অতিৰিক্ত উপায়ুক্ত ই এল ফেয়াৰহেইম, স্বাস্থ্য সেৱা বিভাগৰ যুটীয়া সঞ্চালক ড০ আবেদ ৰছুল মজুমদাৰ আৰু এছকে ৰয় অসামৰিক চিকিৎসালয়ৰ তত্ত্বাৱধায়ক ড০ সুদীপ কুমাৰ চক্ৰবৰ্তীৰ উপস্থিতিত উক্ত প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে জিলা উপায়ুক্ত আদিল খানে।

চিকিৎসালয়খনৰ প্ৰস্তাৱিত মেৰামতি আৰু উন্নয়নে চিকিৎসালয়খনৰ কেইটামান অতি ভীৰ হোৱা ৱাৰ্ডৰ হেঁচা হ্ৰাস কৰিব বুলি আশা কৰা গৈছে। পৰিকল্পনা অনুসৰি, বৰ্তমানৰ গাঁথনিৰ আধুনিকীকৰণ কৰা হ’ব। চিকিৎসালয়ৰ কৰ্তৃপক্ষই জনাইছে, ‘‘এই গুৰুত্বপূৰ্ণ পুনৰ্নিৰ্মাণৰ উদ্দেশ্য হৈছে ৱাৰ্ডসমূহৰ ভীৰ হ্ৰাস কৰা আৰু ৰোগীৰ কষ্ট লাঘব কৰা।’’