NORTHEAST NOW (Assamese)

কৃষি আইনৰ পাছত এইবাৰ অগ্নিপথ: ৰাষ্ট্ৰজোৰা প্ৰতিবাদ গঢ়ি তুলিব সংযুক্ত কিষাণ মৰ্চাই

June 21, 2022 11:05 am · এন ই নাও নিউজ, গুৱাহাটী

কেন্দ্ৰীয় চৰকাৰে ২০২০ চনত প্ৰবৰ্তন কৰা তিনি বিতৰ্কিত কৃষি আইন বাতিলৰ দাবীত দীৰ্ঘদিনীয়া আন্দোলনেৰে যোৱা বৰ্ষত তিনিওখন আইন বাতিল কৰিবলৈ চৰকাৰক বাধ্য কৰোৱা দেশৰ কৃষক সংস্থা সমূহৰ একত্ৰিত শক্তি সংযুক্ত কিষাণ মৰ্চাই (এছকেএম) এইবাৰ অগ্নিপথ বিৰোধী প্ৰতিবাদত যোগদান কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছে।

ইতিমধ্যে অগ্নিপথ বাতিলৰ দাবীত দেশজুৰি ব্যাপক প্ৰতিবাদ গঢ়ি তুলিছে সেনাত নিযুক্তি প্ৰত্যাশী দেশৰ যুৱক-যুৱতীসকলে। প্ৰতিবাদী এই যুৱ প্ৰজন্মলৈ সমৰ্থন আগবঢ়াই সংযুক্ত কিষাণ মৰ্চাই ২৪ জুনত দেশজুৰি আন্দোলনৰ আহ্বান জনাইছে।

সোমবাৰে এই উদ্দেশ্যে হাৰিয়ানাৰ কৰ্ণালত এক বৈঠকত মিলিত হয় কৃষক সংগঠনটোৰ নেতাসকল। এছকেএমৰ অধীনৰ বিভিন্ন ইউনিয়নে সমগ্ৰ দেশতে বৈঠকৰ আয়োজন কৰিছিল আৰু সৰ্বসন্মতিক্ৰমে অগ্নিপথ আঁচনিৰ বিৰোধিতা কৰাৰ সিদ্ধান্ত লোৱা হয়।

বৈঠকৰ পাছতে ভাৰতীয় কিষাণ ইউনিয়নৰ নেতা তথা কৃষি আইন বিৰোধী আন্দোলনৰ সফলতাৰ অন্যতম নায়ক ৰাকেশ টিকাইটে অগ্নিপথ আঁচনিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হ’ব বুলি জানিবলৈ দিয়ে।

“এছকেএমে ২৪ জুনত সমগ্ৰ দেশৰ জিলা সদৰত অগ্নিপথ আঁচনিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব। দেশৰ সকলো নাগৰিক আৰু যুৱক-যুৱতীসকলক আঁচনিখনৰ বিৰুদ্ধে প্ৰতিবাদত যোগদান কৰিবলৈ অনুৰোধ জনোৱা হৈছে।”- টিকাইটে কয়।

ইতিপূৰ্বে টিকাইটে অগ্নিপথৰ বিৰোধিতা কৰি অগ্নিপথক কৃষক বিৰোধী বুলি অভিহিত কৰিছিল। যোৱা ১৮ জুনত টিকাইটৰ নেতৃত্বত ভাৰতীয় কিষাণ ইউনিয়নে হৰিদ্বাৰত এক প্ৰতিবাদী কাৰ্যসূচীও গ্ৰহণ কৰিছে।

কালিৰ বৈঠকৰ পিছতে ভাৰতীয় কিষাণ ইউনিয়নৰ (আছালী) সভাপতি চৌধুৰী হৰপাল সিঙে মোডী চৰকাৰে অগ্নিপথ আঁচনি ৰূপায়ণ কৰি কৃষক আৰু শ্ৰমিকৰ পুত্ৰসকলক আম্বানী আৰু আদানিসকলৰ দাস কৰিব বিচাৰিছে বুলি অভিযোগ কৰিছিল। এই আঁচনিয়ে দেশৰ সেনাৰ ভৱিষ্যতক অন্ধকাৰলৈ ঠেলি দিছে বুলিও তেওঁ মন্তব্য কৰিছিল।

একেদৰে অখিল ভাৰতীয় কিষাণ সভাৰ (এআইকেএছ) সাধাৰণ সম্পাদক অতুল অঞ্জনে কৃষকসকলক প্ৰতাৰণা কৰাৰ পিছত মোডী চৰকাৰে এতিয়া দেশৰ যুৱক-যুৱতীসকলক প্ৰতাৰণা কৰাৰ ষড়যন্ত্ৰ কৰিছে বুলি অভিযোগ উত্থাপন কৰে। চৰকাৰে এই আঁচনিখন ঘূৰাই ল’ব লাগিব বুলি তেওঁ সজোৰে দাবী জনায়।

যুৱপ্ৰজন্মৰ দেশজোৰা ব্যাপক প্ৰতিবাদৰ সময়তে সংযুক্ত কিষাণ মৰ্চাৰ এই সমৰ্থনে অগ্নিপথ বিৰোধী আন্দোলনটোক অন্য এক গতি দিব বুলি ধাৰণা কৰা হৈছে।

Related News