NORTHEAST NOW (Assamese)
অসম

নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্তী চাপানালাত দুষ্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ

Posted by: ভাৰ্গৱ হাজৰিকা Updated by: ভাৰ্গৱ হাজৰিকা May 14, 2020 9:38 am

নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্তী চাপানালাৰ জীয়াজুৰি চাহ বাগিচাৰ ১নং লাইনত সমীপৰে পাহাৰৰ ডাঠ হাবিৰ পৰা ওলাই অহা এটি দুষ্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি অঞ্চলটোৰ ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ উৎকণ্ঠাৰ।

লাজুকী বান্দৰটোক এজাক কুকুৰে খেদি ফুৰা থকা স্থানীয় ৰাইজে দেখে আৰু লগে লগে ঘটনাস্থলত চাপানালাৰ প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰা উপস্থিত হৈ দুষ্প্ৰাপ্য বন্যপ্ৰাণীটো উদ্ধাৰ কৰে।

উদ্ধাৰ কৰাৰ সময়ত দুষ্প্ৰাপ্য প্ৰাণীটোৰ মূৰ আৰু আগ ঠেং আঘাতপ্ৰাপ্ত হৈ থকাৰ বাবে দুলু বৰায়ে নিজৰ ঘৰতে দুদিন ধৰি সুশ্ৰুষা তথা প্ৰাৰ্থমিক চিকিৎসা প্ৰদান কৰাত ক্ৰমশঃ সুস্থ হৈ উঠিছে লাজুকী বান্দৰটো।

সুস্থ হৈ উঠাৰ পিছতে চাপানালা খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ কেইবাজনো বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত দুষ্প্ৰাপ্য লাজুকী বান্দৰটো চোৱাং সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়ে।

অতি উদ্বেগজনক কথা এই যে দীৰ্ঘদিন ধৰি কাৰ্বি পাহাৰৰ অভ্যন্তৰত চলি থকা ব্যাপক বন ধ্বংস যজ্ঞৰ বাবে খাদ্যৰ সন্ধানত তথা সুৰক্ষিত ঠাই বিচাৰি ভৈয়ামৰ দিশে দুষ্প্ৰাপ্য লাজুকী বান্দৰটোৰ দৰে বন্যপ্ৰাণী সমূহ ওলাই অহাৰ সন্দেহ প্ৰকাশ কৰিছে “মুখ্যমন্ত্ৰীৰ সামুহিক কৰ্ম বঁটা-২০১৯” প্ৰাপক প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰায়ে।

উল্লেখ্য যে, সৰুৰে পৰা বিভিন্ন জীৱ-জন্তু উদ্ধাৰ কৰি মানসিক তৃপ্তি লাভ কৰা বুলি জানিবলৈ দিয়া দুলু বৰায়ে বিগত সময়তো প্ৰায় ১৭টাকৈ দুষ্প্ৰাপ্য লাজুকী বান্দৰ সংকটজনক পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰি চোৰাং সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিছিল।