NORTHEAST NOW (Assamese)
Popular Stories

শিৱসাগৰত গাওঁবুঢ়াসকলৰ মাজত স্মাৰ্টফোন বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ June 18, 2020 3:56 pm

অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহন আৰু যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে বুধবাৰে শিৱসাগৰত অসম চৰকাৰৰ গাওঁবুঢ়াসকলৰ বাবে প্ৰদান কৰা স্মাৰ্টফোন বিতৰণ কাৰ্যসূচী শুভাৰম্ভ কৰে।

উপায়ুক্ত কাৰ্য্যালয়ত অনুষ্ঠিত এক সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী যোগেন মহনে গাঁওবুঢ়াসকলক চৰকাৰৰ তৃণমূল পৰ্য্যায়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যক্তি বুলি উল্লেখ কৰি কয় যে, চৰকাৰী আঁচনি সমূহ কাৰ্যকৰী ৰূপ দিয়াৰ ক্ষেত্ৰত গাওঁবুঢ়াসকলে নিৰ্ভৰশীল দায়িত্ব পালন কৰে।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালে গাওঁবুঢ়া সকলৰ মাননি বৃদ্ধিৰ কথা ইতিমধ্যে ঘোষণা কৰিছে বুলি উল্লেখ কৰি তেওঁ জিলাখনৰ গাওঁবুঢ়া সকলক চৰকাৰী আঁচনি সমূহৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত নিষ্ঠা আৰু আন্তৰিকতাৰে কৰ্ম সম্পাদন কৰিবলৈ আহ্বান জনায়।

স্মাৰ্ট ফোন প্ৰদানৰ এই অনুষ্ঠানত উপস্থিত থাকি যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে নিজ বক্তব্যত কয় যে, অসম চৰকাৰে চৰকাৰ পৰিচালনা কৰাৰ ক্ষেত্ৰত তৃণমূল পৰ্য্যায়ত কাম কৰি থকা সকলৰ উন্নয়নৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে।

সভাত শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষীনন্দন গগৈয়ে জিলাখনৰ গাওঁবুঢ়া সকলে জিলা প্ৰশাসনক সময়ে সময়ে আগবঢ়াই অহা অক্লান্ত সেৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। স্মাৰ্টফোনৰ ব্যৱহাৰৰ দ্বাৰা গাওঁবুঢ়াসকল পূর্বতকৈ অধিক “স্মাৰ্ট” হ’ব বুলি বিশ্বাস ব্যক্ত কৰে।

উল্লেখযোগ্য যে, জিলাখনৰ মুঠ ২৬৫ গৰাকীয়ে অসম চৰকাৰৰ তৰফৰ পৰা আগবঢ়োৱা এই স্মাৰ্টফোন সমূহ লাভ কৰিব।

অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত নৱাব আল আজহাৰ আলী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিপুল শইকীয়া, শিৱসাগৰ, আমগুৰি আৰু ডিমৌ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াসকল সামাজিক কৰ্মীসকলৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা গাওঁবুঢ়াসকল উপস্থিত থাকে{