NORTHEAST NOW (Assamese)
অসম

নতুন শিক্ষা নীতিৰে ভাৰতীয় শিক্ষা ব্যৱস্থা বাণিজ্যিকীকৰণ, ব্যক্তিগতকৰণ আৰু গেৰুৱাকৰণ কৰিলে : ছাত্ৰ মুক্তি

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া July 30, 2020 8:40 pm
4559c670-8c6a-4a10-9aa4-403a093f2aa1

প্ৰাক প্ৰাথমিকৰ পৰা বিশ্ববিদ্যালয় পৰ্য্যালয়লৈকে সমগ্ৰ দেশৰে শিক্ষা ব্যৱস্থাৰ সম্পূৰ্ণৰূপে সলনি কৰি এক নতুন ৰূপ দিলে মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে।

ইয়াৰ পাছতে এই নীতিৰ তীব্ৰ বিৰোধিতা কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।

বৃহস্পতিবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্য্যালয়ত এক সংবাদমেল সম্বোধন কৰি ছাত্ৰ সংগঠনটোৰ কাৰ্য্যকৰী সভাপতি মানস কোঁৱৰ আৰু সভাপতি বিতু সোণোৱাল ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ৰ বিৰুদ্ধে সৰব হৈ পৰে।

সংবাদমেলত মানস কোঁৱৰে কয়, ‘কালিৰ দিনটো ভাৰতৰ শিক্ষা ব্যৱস্থাৰ বাবে ভয়ংকৰ দিন আছিল। নতুন শিক্ষা নীতিৰে ভাৰতীয় শিক্ষা ব্যৱস্থা বাণিজ্যিকীকৰণ ব্যক্তিগতকৰণ আৰু গেৰুৱাকৰণ কৰিলে।‘

‘নতুন শিক্ষা নীতিৰ বিৰুদ্ধে অসম তথা ভাৰতৰ ৰাইজে যদি প্ৰতিবাদ নকৰে, তেন্তে দেশৰ ৰাজহুৱা শিক্ষা ব্যৱস্থা সেৱা হৈ নাথাকে, ই বাণিজ্যিক পণ্য ব্যৱস্থালৈ পৰিগণিত হ’ব।‘ কোঁৱৰে লগতে কয়।

ইপিনে, এই শিক্ষানীতিৰ জৰিয়তে পাকে প্ৰকাৰন্তৰে সংস্কৃত বিষয়টো বাধ্যতামূলক কৰিব বিচাৰিছে বুলি দাবী কৰি কোঁৱৰে কয়, ‘যিটো কোনোপধ্যে মানি লোৱাটো উচিত নহয়। কাৰোবাৰ যদি ইচ্ছা থাকে তেন্তে সংস্কৃত বিষয়টো পঢ়িব পাৰে, কিন্তু এইটো যদি জোৰ জবৰদস্তি কাৰোবাৰ ওপৰত জাপি দিব খোজে এইটো কেতিয়াও উচিত কথা হ’ব নোৱাৰে। ইয়াৰ জৰিয়তে শিক্ষা ব্যৱস্থাৰ গেৰুৱাকৰণ কৰিলে।‘

তেওঁ আৰু কয়, ‘নতুন শিক্ষা নীতিয়ে ভাৰতীয় শিক্ষা ব্যৱস্থাক আৰ.এছ.এছ বিজেপিৰ বহতীয়ালৈ পৰিণত কৰিব।‘

তদুপৰি, মাধ্যমিক শিক্ষাখণ্ডৰ নৱম, দশম, একাশ আৰু দ্বাদশ শ্ৰেণীত চেমিষ্টাৰ চিষ্টেমৰ অন্তৰ্ভুক্ত কৰিব যিটো কোনোপ্ৰকাৰে সম্ভৱ নহয় বুলি দাবী কৰে মানসে।

তেওঁ কয়, ‘অসমৰ মহাবিদ্যালয়-বিশ্ববিদ্যালয়সমূহত বহু দিনৰ পৰা ষান্মসিক পদ্ধতিৰ প্ৰয়োগ হৈ আছে। কিন্তু এইসমূহত ষান্মসিক পদ্ধতি ভালদৰে চলাব পৰা নাই। তেনেক্ষেত্ৰত মাধ্যমিক পৰ্য্যায়ত ষান্মসিক ব্যৱস্থাৰ প্ৰয়োগ কৰিলে বিদ্যালয়সমূহৰ অৱস্থা নাইকীয়া হ’ব।‘

মানসে লগতে কয় যে নৰেন্দ্ৰ মোদী চৰকাৰে ব্যক্তিগত খণ্ডৰ সৈতে বন্ধুত্বৰে ৰাজহুৱা খণ্ডটো আগুৱাই নিবলৈ বিচাৰিছে। শিক্ষাব্যৱস্থাক ব্যক্তিগতকৰণ কৰিব বিচৰাটো কোনোপধ্যেই মানি ল’ব নিবিচাৰে বুলিও তেওঁ সদৰী কৰে।

‘হাইস্কুল ব্যৱস্থাত বিদ্যালয়ৰ আন্তঃগাথনি অত্যন্ত দুৰ্বল, শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ অনুপাতৰ যথেষ্ট ব্যৱধান আছে, তেনেক্ষেত্ৰত চেমিষ্টাৰ পদ্ধতিৰে কেনেদৰে উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকসমূহ চলিব?’ কোঁৱৰে সংবাদমেলত প্ৰশ্ন কৰি কয়।

ইপিনে, নতুন শিক্ষানীতিত মহাবিদ্যালয় আৰু বিশ্ববিদ্যালসমূহৰ স্বতন্ত্ৰতাৰ কথাটো কৌশলগতভাৱে বিত্তীয় স্বতন্ত্ৰতাৰ কথা কোৱা হৈছে বুলি কোঁৱৰে দাবী কৰে।

কোঁৱৰৰ মতে ‘উচ্চ শিক্ষাত চৰকাৰৰ খৰচ হ্ৰাস কৰি বা প্ৰায় বন্ধ কৰি মহাবিদ্যালয় বা বিশ্ববিদ্যালয়সমূহক নিজাববীয়াকৈ পুঁজি যোগাৰ কৰাৰ বা বাধ্য কৰাৰ কৌশল এই শিক্ষানীতিত সোমাই আছে। ছাত্ৰ-ছাত্ৰীৰ পৰা উচ্চহাৰত মাচুল আদায়েই এতিয়া মহাবিদ্যালয় বা বিশ্ববিদ্যালয়সমূহৰ মূল বিত্তীয় উৎস হ’ব। প্ৰকৃতাৰ্থত উচ্চ শিক্ষাৰ অনুষ্ঠানসমূহ ব্যৱসায়িক কেন্দ্ৰলৈ পৰিণত কৰিব বিচৰা হৈছে।‘

আনহাতে, একেখন সংবাদমেলতে উপস্থিত থকা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি বিতু সোণোৱালে শিক্ষক পদৰ বাবে বি.এড পাঠ্যক্ৰম বাধ্যতামূলক কৰা প্ৰসংগটো বিৰোধিতা কৰে।

তেওঁ কয়, ‘২০৩০ চনৰ ভিতৰত শিক্ষক পদৰ বাবে বি এড বাধ্যতামূলক কৰিব বিচাৰিছে। তেনেক্ষেত্ৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত মাত্ৰ ৩৬ খন বি এড কলেজ আছে। তাৰে ১৫ খনহে বি এড কলেজ চৰকাৰী। যদি বি এড পাঠ্যক্ৰম বাধ্যতামূলক কৰে তেন্তে মাত্ৰ এইকেইখন কলেজত সকলো ছাত্ৰ-ছাত্ৰীয়ে কেনেকৈ বি এড পাঠ্যক্ৰম গ্ৰহণ কৰিব? এনেক্ষেত্ৰত প্ৰথমে বি এড কলেজৰ আন্তঃগাঁথনি উন্নয়ন কৰিব লাগিব। অন্যথা এইবোৰ সকলো ভেকোভাওনাত পৰিনত হ’ব।‘

সোণোৱালে আৰু কয়, ‘নৰেন্দ্ৰ মোদীৰ শিক্ষানীতি স্ব-বিৰোধ শিক্ষানীতি। ইয়াৰ বিৰুদ্ধে অসম বা ভাৰতৰ ৰাইজে প্ৰতিবাদ কৰা উচিত।‘