NORTHEAST NOW (Assamese)
অসম

ফেইচবুকত মন্ত্ৰী হিমন্তৰ মৃত্যু কামনা কৰা ছাত্ৰ মুক্তিৰ এজন নেতাক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 15, 2020 3:42 pm
himanta-1

অসমৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ এজন সদস্যক আজি বিশ্বনাথ জিলাৰ বিহালীৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে কয় যে ছ’চিয়েল মিডিয়াত মন্ত্ৰী হিমন্তৰ সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ছাত্ৰ নেতাজন হৈছে অনিল বণিয়া।

ছাত্ৰ নেতাজনক আজি ৰাতিপুৱা বিহালী ৰংচালিস্থিত নিজা বাসগৃহৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

আৰক্ষীৰ এটা সূত্ৰই জনোৱা মতে, ‍‘দেওবাৰে স্বাস্থ্য মন্ত্ৰীগৰাকী শাৰিৰীকভাৱে কিছু পৰিমানে অসুস্থ হৈ পৰা খবৰ ওলোৱাৰ পিছতে, বণিয়াই মন্ত্ৰীগৰাকীৰ মৃত্যু কামনা কৰি ফেইচবুকত এটা প’ষ্ট দিছিল’।

ছাত্ৰ নেতাজনৰ এই আপত্তিজনক প’ষ্টটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ লগতে মন্ত্ৰী হিমন্তৰ অনুৰাগীসকলে যুৱকজনক অতি শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী তুলিছিল।

উল্লেখ্য যে ক’ৰ’না বিৰোধী যুঁজখনত সন্মুখৰ পৰা নেতৃত্ব দি অহা স্বাস্থ্য মন্ত্ৰীগৰাকী দেওবাৰে হঠাৎ অসুস্থ হৈ পৰিছিল।

লগে লগে জি এম চি এইচ্চত মন্ত্ৰী গৰাকীৰ পৰীক্ষা কৰা হয় আৰু পৰীক্ষাৰ অন্তত কিডনীত ষ্টন হোৱা বুলি জানিব পৰা যায়।

অসমৰ জনসাধাৰণক টুইটাৰযোগে এই কথা জনাইছিল স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে।