NORTHEAST NOW (Assamese)
Popular Stories

অতিমাত্ৰা অনলাইন ক্লাছৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰীক অভিযোগ দিলে এজনী ৬ বছৰীয়া কণমানিয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 31, 2021 6:11 pm

ক’ভিড পৰিস্থিতিৰ বাবে দেশখনৰ অসংখ্য ছাত্ৰ-ছাত্ৰীয়ে অনলাইন ক্লাছযোগে শিক্ষা গ্ৰহণ কৰি আছে।

এই শিক্ষা প্ৰণালীক লৈ অসন্তুষ্ট হৈ পৰিছে ছাত্ৰ-ছাত্ৰীসকল।

তাৰে এটা প্ৰমাণ পোৱা গ’ল এজনী ৬ বছৰীয়া কণমানি ছাত্ৰীৰ শেহতীয়া এক ভাষ্যযোগে।

জম্ন-কাশ্মীৰৰ ছাত্ৰীগৰাকীয়ে দীৰ্ঘ সময় ধৰি অনলাইন ক্লাছ কৰি ভাগৰি পৰিছে।

সেয়ে ছাত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এক বাৰ্তা প্ৰেৰণ কৰিছে।

এগৰাকী সাংবাদিকে টুইটাৰযোগে শ্বেয়াৰ কৰা ছাত্ৰীগৰাকীৰ এটা ভিডিঅ’ত লিখিছে যে অনলাইন ক্লাছৰ দীৰ্ঘ সময় আৰু অতি বেছি স্কুলৱৰ্কৰ বিৰুদ্ধে এজনী ৬ বছৰীয়া কাশ্মিৰী ছোৱালীয়ে প্ৰধানমন্ত্ৰীক অভিযোগ উত্থাপন কৰিছে।

৪৫ চেকেণ্ডৰ ক্লিপটোত ছাত্ৰীগৰাকীয়ে কোৱা দেখা গৈছে যে তাইৰ ক্লাছসমূহ ১০ বজাত আৰম্ভ হৈ ২ বজালৈকে চলি থাকে।

তাই কয় যে ইংলিছ, গণিত, উৰ্দুৰ উপৰিও কম্পিউটাৰ ক্লাছো কৰিব লগা হয়।

“এয়া শিশুৰ বাবে অত্যধিক কামৰ হেঁচা।”- ছাত্ৰীগৰাকীয়ে কয়।

শনিবাৰে টুইটাৰত প’ষ্ট কৰা ভিডিঅ’টোৱে বৰ্তমানলৈকে ৫৭ হেজাৰ ভিউজ লাভ কৰাৰ উপৰিও ৫ হেজাৰ লাইক লাভ কৰিছে।

তদুপৰি ছাত্ৰীগৰাকীৰ অভিযোগটো ১,২০০ বাৰ ৰিটুইট কৰা হৈছে।