NORTHEAST NOW (Assamese)
অসম

আফগানিস্তান, আৰৱৰ পৰা সৈন্য আনি কাশ্মীৰৰ পাছত ভাৰত দখল কৰাৰ হুংকাৰ; আখতাৰৰ বিতৰ্কিত মন্তব্য ভাইৰেল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 25, 2020 11:39 am
Akhtar

জম্মু-কাশ্মীৰৰ পৰা ধাৰা ৩৭০ প্ৰত্যাহাৰৰ কৰাৰ পাছতে কৰা বিতৰ্কিত মন্তব্যৰ বাবে ভাৰতীয় জনসাধাৰণৰ ৰোষৰ সন্মুখিন হৈছিল ছোৱাইব আখতাৰ।

পৰৱৰ্তী সময়ত পাকিস্তানৰ হিন্দু ক্ৰিকেটাৰ দানিশ কানেৰিয়াক সমৰ্থন কৰি আখতাৰে কিছু পৰিমাণে ভাৰতীয় জনসাধাৰণৰ সমৰ্থন আদায় কৰিবলৈ সক্ষম হৈছিল।

কিন্তু বৰ্তমান সময়ত ‘গাজওয়া-ই-হিন্দ’ প্ৰতিষ্ঠানৰ বাবে মুছলমান সকলৰ বাবে কৰা এটা আবেদনৰ বিতৰ্কিত ভাইৰেল ভিডিঅ’ প্ৰচাৰ হোৱাত ভাৰতত পুনৰ ৰোষৰ সন্মুখিন হ’বলগীয়া হৈছে আখতাৰ।

শেহতীয়া বিতৰ্কিত ভিডিঅ’টোত আখতাৰে পাকিস্তানী মহিলা সাংবাদিক এগৰাকীক সাক্ষাৎকাৰ প্ৰদান কৰিছে।

আখতাৰে গজৱা-ই-হিন্দ প্ৰতিষ্ঠানৰ বিষয়ে মুখ খুলি ভাৰত আক্ৰমণৰ প্ৰসংগ উত্থাপন কৰে।

‘‘আমাৰ প্ৰাচীন সাহিত্য গাজৱা-ই-হিন্দৰ সপোন এদিন পুৰণ হ’ব। আফগানিস্তান, উজবেকিস্তান আৰু আৰবৰ পৰা সৈন্যৰ দল আহি লাহোৰ হৈ কাশ্মীৰ দখল কৰা হ’ব আৰু পৰৱৰ্তী সময়ত ভাৰত আক্ৰমণ কৰা হ’ব,’’ আখতাৰে বিতৰ্কিত সাক্ষাৎকাৰটোত এইদৰে উল্লেখ কৰে।

পাকিস্তানী সাধাৰণ জনসাধাৰণৰ মনতো ভাৰতৰ বিৰুদ্ধে ধৰ্মযুদ্ধ ঘোষণা কৰাৰ যি কল্পনা সেই কল্পনাই ভাৰতীয় নাগৰিক সকলৰ লগতে বিশ্বৰ জনসাধাৰণক চমকিত কৰি তুলিছে।