NORTHEAST NOW (Assamese)

শিক্ষাবিদ সাহিত্যিক আবুল কালামৰ মৃত্যুত শোকৰ ছাঁ

October 16, 2022 1:07 pm · তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ

নামনি অসমৰ ধুবুৰী জিলাৰ অন্তৰ্গত চাপৰ থানা এলেকাধিন তথা শালকোচা নামে প্ৰসিদ্ধ অঞ্চলৰ শ্ৰীগ্ৰাম নামে গাঁওত ১৯৪৬ চনত জন্ম গ্ৰহণ কৰা বিশিষ্ট সাহিত্যিক আবুল কালাম শনিবাৰে দিনৰ ১:৪৫ বজাত ইহলীলা সম্বৰণ কৰে ফলত বৃহত্তৰ শালকোচা,চাপৰ, শিলগাৰা , পুখুৰীপাৰা, হাপাপাৰা, বিলাসীপাৰা, ধুবুৰী, শ্ৰীগ্ৰাম, ভেলুপাৰা, শালকোচা বাংলা, টিলাপাৰা, হাতীপতা, আদিকে ধৰি বিভিন্ন ঠাইত শোকৰ ছাঁ পৰিছে।

ধুবুৰী জিলা সাহিত্য সভাৰ উপসভাপতি তথা শালকোচা শাখা সাহিত্য সভাৰ প্ৰতিস্থাপক সভাপতি আবুল কালাম শিলগাৰা হাই স্কুলৰ পৰা প্ৰধান শিক্ষক পদত কাৰ্য্য সম্পাদন কৰি ২০০৪ চনত অৱসৰ গ্ৰহণ কৰিছিল। বৰ্তমান উক্ত শিলগাৰা হাই স্কুল উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰূপে উন্নতিকৰণ লাভ কৰিছে। মন্দিৰ, মছজিদ, কবৰস্থান, ঈদগাহ, পূজা পাৰ্বন , স্কুল , সামাজিক কৰ্ম আদিকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে আত্মি্ক ভাবে জৰিত আছিল।তেখেতৰ জীৱনকালত প্ৰায় ১৪ খন কৈ বিভিন্ন গ্ৰন্থ ৰচনা কৰি গৈছে।

তাৰে ভিতৰত কোৰআন প্ৰসংগ, বংশাৱালী, নক্ষত্ৰৰ কথা, জুডিয়া দেশৰ নাবী কাহিনী, মানিনী (কবিতা), গিৰিসুতা ( কবিতা), গিৰিজা বাইদেউ ( চুটি গল্প), আৰু প্ৰবন্ধ মঞ্জুৰী ( প্ৰবন্ধ) ইয়াৰোপৰি তেখেতৰ আন সম্পাদিত গ্ৰন্থ সমূহ হল ,, কালিদাহ – ১, বাও খুঙ্গুৰী , কালিদহ – ২, মানস কন্যা মম, ভকতি ৰোচন আৰু কালিদহ-৩ য়ে প্ৰধান। শিক্ষাবিদ গৰাকীৰ মৃত্যুত অসম সাহিত্য সভা কেন্দ্ৰীয় কমিটিৰ পত্ৰিকা সম্পাদক উপেন্দ্ৰজিত শৰ্মা, বিলাসীপাৰা পূব সমষ্টিৰ বিধায়ক চামচুল হুদা , ধুবুৰী জিলা সাহিত্য সভাৰ সভাপতি তৰণী কান্ত ৰায়, সম্পাদক আজাদ আলী আহমেদ , মালচন্দ লালানী , সমাজকৰ্মী মুক্তাৰ আলী ( বিলাসীপাৰা) বিশিষ্ট কবি অহিদ খান , ১১ নং বাঁওখুঙুৰী পৰিষদীয় সমষ্টিৰ এম চি এল এ ডনেশ্বৰ গয়াৰী, ধুবুৰী জিলা সাহিত্য সভাৰ মুখপাত্ৰ তিলক চন্দ্ৰ প্ৰসাদ, গোলকগঞ্জ শতদল শাখা সাহিত্য সভাৰ সভাপতি দেৱ প্ৰসাদ সিংহ, শালকোচা সমবায় সমিতিৰ সভাপতি অঞ্জামুল আমিন, শালকোচা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ নবজ্যোতি বৰ্মন, অধিবক্তা দ্বীপন কুমাৰ নাথ , চান্দৰডিঙা পাগলাবাবা মন্দিৰ কমিটিৰ সভাপতি জয়ন্ত নাথ ,সমাজকৰ্মী অজয় ৰঞ্জন বৰ্মন (বলো) আদিকে বিভিন্ন গুণমুগ্ধসকলৰ লগতে, চাপৰ প্ৰেছ ক্লাব, চাপৰ শাখা সাহিত্য সভা, শালকোচা শাখা সাহিত্য সভা, কোচ ৰাজবংশী ছাত্ৰ সন্থা আদি অনুষ্ঠান প্ৰতিষ্ঠান তথা বিভিন্ন ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰি আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছে। মৃত্যুৰ পিছত তেখেতে পত্নী, এজন পুত্ৰ, দুগৰাকী কন্যাক এৰি থৈ গৈছে।

Related News