NORTHEAST NOW (Assamese)
Popular Stories

নেচাই দালে গালে ঘাটি! ক্ষণিকৰ ভিতৰতে ‘হিৰো’ হৈ পৰিল ‘জিৰো’

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 9, 2024 2:46 pm
Hero Alam

সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলৰ বাবে হিৰো আলম এটি চিনাকী নাম। আজৱ কাৰনামাৰে হিৰো আলমে নেটিজেনক যোগাই আহিছে মনোৰঞ্জন।

কোটি কোটি অনুৰাগীৰে সামাজিক মাধ্যমত দপদপাই আছে হিৰো আলমে। এক কথাত হিৰো আলম চ’ছিয়েল মিডিয়াৰ চাঞ্চল্য। গৃ্হভূমি বাংলাদেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত আছে তেওঁৰ অসংখ্য অনুৰাগী।

The movie Sahosi Hero Alam is going to release on 27 March

চ’ছিয়েল মিডিয়াৰ এই চেলিব্ৰেটিগৰাকীয়ে শেহতীয়াকৈ অৱতীৰ্ণ হৈছিল বাংলাদেশৰ সাধাৰণ নিৰ্বাচনত। হয়তো ভাবিছিল, অনুৰাগীৰ ভোটেৰে নিৰ্বাচিত হ’ব সংসদলৈ।

পিছে আলমৰ এই আশাত চেঁচাপানী পৰিল। নিৰ্বাপিত হ’ল জয়ৰ আশা। কোটি কোটি অনুৰাগী থকাৰ পাছতো নিৰ্বাচনত শোচনীয়ভাৱে পৰাস্ত হ’ল। মুখথেকেচা খালে হিৰো আলমে।

নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি আলমৰ আমানতৰ ধনো জব্দ হ’ল। বগুৰা-৪ সমষ্টিত নাৰিকল প্ৰতীক লৈ বাংলাদেশ কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল হিৰো।

Hero' Alam loses election, security deposit

কিন্তু শোচনীয়ভাৱে পৰাজিত হৈ চ’ছিয়েল মিডিয়াৰ চাঞ্চল্য আলমে মাত্ৰ ২,১৭৫টা ভোট লাভ কৰে। যতি পৰে সংসদত প্ৰৱেশৰ স্বপ্ন।

 

উল্লেখ্য যে দেওবাৰে ঘোষণা হোৱা দেশখনৰ দ্বাদশ ৰাষ্ট্ৰীয় নিৰ্বাচনত বৃহৎ জয়েৰে পঞ্চমবাৰলৈ ক্ষমতালৈ আহিছে আৱামী লীগ। সংসদৰ ৩০০ খনৰ ভিতৰত ২৯৯ খন আসনত নিৰ্বাচন অনুষ্ঠিত হৈছিল।

আৰু ২৯৯ খন আসমৰ ভিতৰত শ্বেখ হাছিনাৰ নেতৃত্বাধীন আৱামী লীগে ২২৩ খন আসনত জয়ী হৈছে। বাংলাদেশৰ নিৰ্বাচনত একপ্ৰকাৰে বিৰোধীক ধূলিস্যাৎ কৰিলে হাছিনাৰ দলে।

এই ফলাফলৰ লগে লগে একেৰাহে চতুৰ্থবাৰলৈ আৰু সামগ্ৰীকভাৱে পঞ্চম বাৰলৈ দেশখনৰ প্ৰধানমন্ত্ৰী হ’ব শ্বেখ হাছিনা। লক্ষণীয়ভাৱে এইবাৰ নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থীয়ে ৬২ খন আসনত জয়লাভ কৰে।

ইপিনে এইবাৰ নিৰ্বাচনত জাতীয় পাৰ্টিয়ে ১১ খন আসন, কল্যাণ পাৰ্টিয়ে ১ খন আসন লাভ কৰে। জাছদৰ ১ খন আসন, ৱৰ্কাৰছ পাৰ্টিয়ে ১ খন আসন পায়।