NORTHEAST NOW (Assamese)
অসম

ৰাস্তাৰ পৰা উঠাই নি ছফ্টৱেৰ অভিযন্তা যুৱতীক প্ৰহাৰ, দলবদ্ধ ধৰ্ষণ; ১০অভিযুক্তৰ সন্ধানত আৰক্ষী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 22, 2022 12:17 pm

ঝাৰখণ্ডৰ চাইবাছাত এজন ছফ্টৱেৰ অভিযন্তা যুৱতীক ৰাস্তাৰ পৰা উঠাই লৈ গৈ প্ৰথমতে প্ৰহাৰ কৰি তাৰপিছত দলবদ্ধ ধৰ্ষণৰ ঘটনা ঘটিছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে ১০ জন লোকৰ বিৰুদ্ধে এখন এজাহাৰ ৰুজু কৰিছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি ভুক্তভোগী যুৱতী এটা জনজাতীয় সম্প্ৰদায়ৰ। ঘটনাটো ২০ অক্টোবৰৰ সন্ধিয়া সংঘটিত হৈছিল। যুৱতীগৰাকীয়ে ৰাস্তাত এজন বন্ধুৰ সৈতে কথা পাতি আছিল। অভিযোগ কৰা হৈছে যে সেই সময়ত ৮-১০ জন লোক আহিছিল আৰু তেওঁলোক দুয়োকে ঘেৰি ধৰিছিল।

লগতে পঢ়ক: যাত্ৰীবাহী বাছ আৰু ট্ৰাকৰ সংঘৰ্ষত ভয়ংকৰ পথ দুৰ্ঘটনা; কমেও ১৪ জন নিহত, আহত ৪০জন

তেওঁলোকে তেওঁৰ বন্ধুক প্ৰহাৰ কৰিছিল আৰু যুৱতীগৰাকীক বলপূৰ্বক এখন গাড়ীত লৈ গৈছিল। যুৱতীগৰাকীক এক নিৰ্জন ঠাইলৈ লৈ যোৱা হৈছিল আৰু প্ৰহাৰ কৰাৰ লগতে দলবদ্ধ ধৰ্ষণ কৰা হৈছিল।

আৰক্ষীয়ে ভুক্তভোগীৰ পৰা এইটোও জানিব পাৰিছে যে অভিযুক্তকেইজনে যুৱতীগৰাকীক দলবদ্ধভাৱে বলাৎকাৰ কৰাৰ পিছত এক নিৰ্জন স্থানত পেলাই থৈ পলাই গৈছিল। যোৱাৰ সময়ত তেওঁলোকে যুৱতীগৰাকীৰ ফোন আৰু টকাৰ বেগটোও কাঢ়ি লৈ গৈছিল।

এই ঘটনাৰ পিছত যুৱতীগৰাকী কেনেবাকৈ ঘৰত উপস্থিত হয় আৰু পৰিয়ালৰ  সদস্যক সকলো জনায়। তাৰ পিছত তেওঁলোকে আৰক্ষী চকীলৈ গৈ অপহৰণ আৰু দলবদ্ধ ধৰ্ষণৰ অভিযোগ দাখিল কৰে।

লগতে পঢ়ক: দেৱভাষাক মৃতসঞ্জীৱনী! এইখন অসমতে আছে এতিয়াও সংস্কৃত ভাষাত কথা কোৱা এখন গাওঁ

চাইবাছা আৰক্ষীয়ে কয় যে অভিযুক্তকেইজনৰ সন্ধানত অভিযান চলি আছে আৰু তেওঁলোকক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হ’ব।