NORTHEAST NOW (Assamese)
Popular Stories

নিসংগতা দূৰ কৰিবলৈ ছুটিৰ দিনত অটো চলায় মাইক্ৰ’ছফ্টৰ অভিযন্তাই; ছচিয়েল মিডিয়াত ব্যাপক চৰ্চা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 23, 2024 12:51 pm

এসময়ত অকলে চিনেমা চোৱা, অকলে ফুচকা খোৱা বা অকলে খোজ কাঢ়ি যোৱা কথাটো আচৰিত যেন আছিল। কিন্তু শেহতীয়াকৈ ই নিসংগতাৰ বিৰুদ্ধে যুঁজ দিয়াৰ এক ‘ফেশ্বন’ হৈ পৰিছে। কিন্তু সকলোৱে একে ধৰণে নিসংগতাক জয় কৰিবলৈ চেষ্টা নকৰে। ক’ব পাৰি, নিসংগতাৰ সৈতে সকলোৱে বেলেগ বেলেগ ধৰণেৰে মোকাবিলা কৰে।

উদাহৰণস্বৰূপে, বাংগালুৰুৰ এটা সুনামধন্য কোম্পানীৰ এজন অভিযন্তাই আজৰি সময়ত ছুটিৰ দিনত অটো চলায়। শুনি আচৰিত লাগিলেও শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে অভিযন্তাজনৰ কাহিনী।

বাংগালুৰুৰ জ্যেষ্ঠ মাইক্ৰ’ছফ্টৰ অভিযন্তাগৰাকীয়ে দীঘলীয়া সপ্তাহৰ কামৰ অন্তত নিসংগতা দূৰ কৰিবলৈ এখন  নাম্মী যাত্ৰী অটো চলায়। ভেংকটেশ গুপ্তা নামৰ এজন যুৱকে এক্স হেণ্ডেলত ৩৫ বছৰীয়া অভিযন্তাজনৰ বিষয়ে পোষ্ট কৰে।

লগতে পঢ়কঃ অৰ্থনৈতিক সমীক্ষাত ভাৰতীয়ৰ মেদবহুলতা আৰু শিশুৰ ইণ্টাৰনেট ব্যৱহাৰক লৈ উদ্বেগ বিত্তমন্ত্ৰীৰ

অভিযন্তাগৰাকীৰ এখন ছবিৰ লগতে তেওঁ লিখিছে, “এগৰাকী ৩৫ বছৰীয়া চফটৱেৰ ইঞ্জিনিয়াৰৰ সৈতে সাক্ষাৎ হৈছে, যিয়ে নিসংগতাৰ বিৰুদ্ধে যুঁজিবলৈ ছুটিৰ দিনত কৰমাংগালাত অটো চলায়। অভিযন্তাজনে মাইক্ৰ’ছফ্টৰ হুডি টি-চাৰ্ট পিন্ধি অটোৰ চালকৰ আসনত বহি থকা দেখা গৈছে।”

এই পোষ্টটো নিমিষতে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। মানুহজনৰ নিসংগতাক লৈ একাংশই সহানুভূতিশীল হোৱাৰ বিপৰীতে একাংশ নেটিজেনে স্তম্ভিত হৈ পৰে। কিন্তু আজিকালি মানুহৰ জীৱনৰ ব্যস্ততা বৃদ্ধি পোৱাৰ লগে লগে নিসংগতা ক্ৰমান্বয়ে বাঢ়িছে যিটো পোষ্টটোৱে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ অধিকাংশকে জোকাৰি দিছে।

এয়া প্ৰথমবাৰৰ বাবে নহয়, তথাপিও ইয়াৰ পূৰ্বেও আন এক ঘটনা পোহৰলৈ আহিছিল। য’ত বাংগালুৰুৰ এজন যুৱকে হিন্দুস্থান কম্পিউটাৰ লিমিটেড (এইচ চি এল)ৰ আই টি কৰ্মী হিচাপে চাকৰিৰ পৰা বৰ্খাস্ত হোৱাৰ পিছত ৰেপিডো বাইক টেক্সি চলাইছিল। সেই ঘটনাকলৈয়ো ইণ্টাৰনেটত বহু চৰ্চা হৈছিল।