NORTHEAST NOW (Assamese)
অসম

সাংবাদিকৰ সামাজিক সুৰক্ষাৰ বাবে সজাগতা সৃষ্টিৰ লক্ষ্যেৰে গুৱাহাটীৰ পৰা বিশ্বনাথলৈ একক চাইকেল যাত্ৰা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 13, 2019 7:50 pm
Snehankar ride Main

ৰাজ্যখনৰ বিভিন্ন সংবাদ প্ৰতিষ্ঠানত কৰ্মৰত সাংবাদিকসকলৰ সামাজিক সুৰক্ষাৰ বিষয়ত সজাগতা সৃষ্টিৰ লক্ষ্যেৰে গুৱাহাটীৰ পৰা বিশ্বনাথলৈ একক চাইকেল যাত্ৰা কৰিছে এজন যুৱকে।

বিশ্বনাথ চাৰি আলিৰ নিৱাসী স্নেহাংকৰ চক্ৰৱৰ্তী নামৰ এই যুৱকজনে নিজেও ফ্ৰীলেন্স সাংবাদিকতাত জড়িত।

আজি পুৱাৰ ভাগতেই গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰা স্নেহাংকৰে সংবাদ মাধ্যমৰ আগত কয় যে সাংবাদিকসকলৰ সুৰক্ষাৰ বিভিন্ন দিশ থাকে আৰু এইবোৰ সম্পৰ্কত সমাজখন খুব কমেই সজাগ। সেয়ে তেওঁ এই চাইকেল যাত্ৰাক এই ধৰণৰ সজাগতা সৃষ্টিৰ মূল বিষয় কৰি লৈছে।

“এই চাইকেল যাত্ৰাৰ এটা উদ্দেশ্য আছে। সাংবাদিকসকলৰ সামাজিক সুৰক্ষাৰ দিশ এটা থাকে। সাংবাদিকসকলৰ চাকৰিৰ নিৰাপত্তা, দৰমহাৰ নিশ্চয়তা আৰু সঠিক পৰিমাণ আদি দিশবিলাক ইয়াৰ অন্তৰ্গত”, স্নেহাংকৰে আমাৰ আগত কয়।

Snehankar ride body
গুৱাহাটীৰ পৰা বিশ্বনাথলৈ চাইকেল যাত্ৰাৰ দুটা মুহূৰ্তত স্নেহাংকৰ।

তেওঁ সাংবাদিকসকলক মাজিথিয়া ৱেইজ ব’ৰ্ড (Majithia wage board) মতে দৰমহা দিয়াৰ পোষকতা কৰে, যিটো প্ৰায়বোৰ সংবাদ প্ৰতিষ্ঠানে নকৰে বা ভুৱাকৈ কৰা দেখুৱায়।

সাংবাদিকসকলৰ অৱস্থা সম্পৰ্কত স্নেহাংকৰৰ মন্তব্য, “সাধাৰণ লোকসকলে সাংবাদিকসকলক কেৱল খা-খবৰ দি থকাহে দেখা পায়। তেওঁলোকৰ জীৱনৰ কিছুমান অসুবিধা থাকে, সামাজিক সুৰক্ষাৰ কথা থাকে। এইবোৰ কথা সৰ্বসাধাৰণে যাতে অৱগত হয়, তাৰ বাবে সজাগতা সৃষ্টিক মই এই যাত্ৰাৰ উদ্দেশ্য হিচাপে লৈছো।”

মাজিথিয়া ৱেইজ ব’ৰ্ডৰ অনুমোদনবোৰক ইংগিত কৰি স্নেহাংকৰে কয়, “দৰমহাৰ এটা নিৰিখ থাকিব লাগে আৰু এই সম্পৰ্কীয় কিছুমান নীতি-নিয়ম আছে, এইবোৰ সংবাদ প্ৰতিষ্ঠানৰ কৰ্তৃপক্ষই মানি চলিব লাগে।”

অকলশৰীয়াকৈ এনেকুৱা দীঘলীয়া চাইকেল যাত্ৰা তেওঁ প্ৰথম কৰিছে বুলিও সংবাদ মাধ্যমক জানিবলৈ দিয়ে স্নেহাংকৰে।