NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত নিজ মাতৃক জ্বলাই হত্যা পাষাণ পুত্ৰৰ

Posted by: এন ই নাও নিউজ October 1, 2018 11:45 am

শিৱসাগৰত পুৱতি নিশা সংঘটিত এক জঘন্য ঘটনাই সমগ্ৰ জিলাখনতে এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। শিৱসাগৰৰ সমীপৰ টেক্সী  মঠাদাঙত  পাষাণ পুত্ৰই জ্বলাই দিয়ে নিজৰে মাকক।

উল্লেখযোগ্য যে শিৱসাগৰ জিলাৰ টেক্সী মঠাদাঙত আজি পুৱতি নিশা ক্ষিৰোদ হাজৰিকা নামৰ পাষাণ পুতেকে নিজৰে মাক যোগদা হাজৰিকাক জ্বলাই দিয়ে।

অৱশ্যে পিছত স্থানীয় ৰাইজৰ সহায়ত শৰীৰৰ ৯০ শতাংশ অগ্নিদগ্ধ হোৱা যোগদা হাজৰিকাক চিকিৎসালয়লৈ নিয়া হৈছিল। কিন্তু দুৰ্ভাগ্যবশত চিকিৎসালয়লৈ নিয়াৰ পথতে মহিলা গৰাকীৰ মৃত্যু হয়।

ইতিমধ্যে আৰক্ষীয়ে মাতৃ হত্যাকাৰী ক্ষিৰোদ হাহজৰিকাক আটক কৰিছে।

ইফালে স্থানীয় ৰাইজে মাতৃ হত্যাকাৰী ক্ষিৰোদ হাজৰিকাক উচিত শাস্তি দিয়াৰ দাবী জনাইছে। একাংশ স্থানীয় ৰাইজে সুৰাৰ ৰাগিত মাতাল হৈ ক্ষিৰোদ হাজৰিকাই মাজৰ মাকক জ্বলাই দিয়া বুলি সন্দেহ প্ৰকাশ কৰিছে।