NORTHEAST NOW (Assamese)
অসম

পুত্ৰই হত্যা কৰিলে পিতৃক : হত্যাকাণ্ড সংঘটিত কৰিয়েই হত্যাকাৰী পুত্ৰৰ পলায়ন

Posted by: তন্ময় চক্ৰৱৰ্তী Updated by: তন্ময় চক্ৰৱৰ্তী September 19, 2020 8:11 pm
index.jpg

পুত্ৰই হত্যা কৰিছে পিতৃক।

এই লোমহৰ্ষক ঘটনাটো সংঘটিত হৈছে ত্ৰিপুৰাৰ খোৱাই জিলাৰ তেলীয়ামূৰা ৰাজহ চক্ৰৰ মৌংগীয়াকাণীৰ ন’গ্ৰাই গাঁৱত।

ঘটনাৰ বিৱৰণীৰ মতে আজি পুৱা ভাগত পাল্টু জামাতীয়া (২৫)নামৰ যুৱকজনে পিতৃ মনোৰঞ্জন জামাতীয়া(৫০)ক চোকা অস্ত্ৰৰে কাটি হত্যা কৰে।

সূত্ৰৰ খবৰ অনুসৰি, পুৱা ভাত ৰন্ধাক লৈ দুই পিতা-পুত্ৰ মাজত কাজিয়াৰ সূত্ৰপাত হয়।

কাজিয়াই এটা সময়ত হতাহতিৰ ৰূপ লয় আৰু হতাহতিৰ মাজত হঠাতে পুত্ৰ পাল্টুৱে এখন দা লৈ পিতৃৰ মূৰত তিনিবাৰকৈ আঘাত কৰে।

দাৰ আক্ৰমণত ঘটনাস্থলীতে হটাতে পিতৃ মনোৰঞ্জন জামাতীয়াৰ মৃত্যু হয়।

স্থানীয় আৰক্ষীয়ে এই হত্যাকাণ্ডৰ খবৰ পোৱাৰ লগে লগে ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত এটা আৰক্ষী দলে আহি ঘটনাস্থলীত উপস্থিত হয়।

ইফালে হত্যাকাণ্ড সংঘটিত কৰিয়ে হত্যাকাৰী পাল্টুৱে পলায়ন কৰে।

খোৱাই জিলাৰ আৰক্ষী অধীক্ষকে জনোৱা অনুসৰি হত্যাকাৰী পাল্টুৰ সন্ধানত অভিযান চলালেও এতিয়াও আটক কৰিবলৈ সক্ষম হোৱা নাই।

লোমহৰ্ষক এই হত্যাকাণ্ডই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।