NORTHEAST NOW (Assamese)
অসম

‘‘কাৰোবাৰ মৃত্যুৰ বাবে প্ৰেয়সী, প্ৰাক্তন প্ৰেয়সী, বন্ধু-বান্ধৱক দোষ দিয়াটো অনুচিত’’; সুশান্তৰ আত্মহত্যাৰ পাছত সোনম কাপুৰৰ মন্তব্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 15, 2020 11:31 pm

‘‘কাৰোবাৰ মৃত্যুৰ বাবে প্ৰেয়সীক, প্ৰাক্তন প্ৰেয়সীক, পৰিয়ালক আৰু বন্ধু-বান্ধৱীক দোষ দিয়াটো অপ্ৰয়োজনীয় আৰু……(অশ্লীল শব্দ).’’ বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী সোনম কাপুৰে এনেদৰে টুইট কৰে।

বলিউদৰ জনপ্ৰিয় যুৱ অভিনেতা সুশান্ত সিং ৰাজপুতে ১৪ জুনত মুম্বাইস্থিত নিজ বাসগৃহত আত্মহত্যা কৰাৰ পাছতে সোনম কাপুৰে এইদৰে টুইট কৰে।

দেওবাৰে সুশান্তৰ মৃত্যুৰ বাতৰি প্ৰকাশ পোৱাৰ পাছত অভিনেতা গৰাকীৰ এখন ফটো নিজৰ ইষ্টাগ্ৰামত শ্বেয়াৰ কৰি সোনম কাপুৰে লিখে, ‘আশাকৰো তুমি শান্তি বিচাৰি পাবা’’।

উল্লেখযোগ্য যে, সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ পাছতে বলিউদ সমাজ প্ৰসংগত বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হৈছে।

অভিনেত্ৰী কংগনা ৰাণাৱতে ছ’চিয়েল মিডিয়াযোগে বলিউদ সমাজক তীব্ৰ কটাক্ষ কৰি একপ্ৰকাৰ সুশান্তৰ মৃত্যুৰ বাবে জগৰীয়া কৰে।

বহুতে সুশান্তৰ মৃত্যুৰ বাবে তেওঁৰ ব্যক্তিগত জীৱন প্ৰসংগও চৰ্চাৰ মাজলৈ আনিছে য’ত তেওঁৰ বৰ্তমানৰ আৰু প্ৰাক্তন প্ৰেয়সীৰ নাম উচ্চাৰিত হৈছে।