NORTHEAST NOW (Assamese)
দেশ

ধাৰাবাহিক অনশনত অসুস্থ সোণম ৱাংচুক : থ্ৰী ইডিয়টছৰ ‘চতুৰ’ৰ পৰা নাচিৰুদ্দিন শ্বাহলৈকে সকলোৱে কাষত থিয় দিলেও নিমাত আমিৰ খান

Posted by: এন ই নাও নিউজ, গুৱাহাটী July 14, 2026 9:35 pm
ধাৰাবাহিক অনশনত অসুস্থ সোণম ৱাংচুক : থ্ৰী ইডিয়টছৰ ‘চতুৰ’ৰ পৰা নাচিৰুদ্দিন শ্বাহলৈকে সকলোৱে কাষত থিয় দিলেও নিমাত আমিৰ খান

নিট-ইউজি পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱা কেলেংকাৰীৰ প্ৰতিবাদত দিল্লীৰ যন্তৰ মন্তৰত শিক্ষাবিদ তথা পৰিৱেশকৰ্মী সোণম ৱাংচুকৰ আমৰণ অনশন ১৮ দিনত ভৰি দিলেহি। ‘ককৰোচ জনতা পাৰ্টি’ চমুকৈ চিজেপি য়ে আয়োজন কৰা এই আন্দোলনত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ আৰু প্ৰশ্ন কাকত ফাদিল হোৱাৰ পাছত হতাশাত আত্মহত্যা কৰা পৰীক্ষাৰ্থীসকলৰ পৰিয়ালক এক কোটি টকাকৈ ক্ষতিপূৰণ দিয়াৰ দাবী জনোৱা হৈছে।

আনহাতে, ধাৰাবাহিক অনশনৰ ফলত সোণম ৱাংচুকৰ শাৰীৰিক অৱস্থা ক্ৰমান্বয়ে উদ্বেগজনক হৈ পৰিছে। চিকিৎসকসকলৰ পৰা পোৱা শেহতীয়া তথ্য অনুসৰি, অনশন আৰম্ভ কৰাৰ পৰা বৰ্তমানলৈকে তেওঁৰ ওজন প্ৰায় চাৰে আঠ কিলোগ্ৰাম হ্ৰাস পাইছে। বৰ্তমান তেওঁৰ ৰক্তচাপ কমি ১০৯/৭০ হৈছেগৈ। যোৱা ২০ জুনৰ পৰা এই আন্দোলন আৰম্ভ হৈছিল যদিও, সোণম ৱাংচুকেই যোৱা ২৮ জুনৰ পৰা অনশনত বহে। অহা ২০ জুলাইত সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনটোত এই প্ৰতিবাদৰ অংশ হিচাপে সংসদ ভৱন অভিযানৰ আহ্বান জনাইছে চিজেপি-য়ে।

সোণম ৱাংচুকৰ শাৰীৰিক অৱস্থাৰ দ্ৰুত অৱনতি ঘটাৰ পৰিপ্ৰেক্ষিতত মনোৰঞ্জন জগত আৰু নাগৰিক সমাজৰ বহু বিশিষ্ট ব্যক্তিয়ে তেওঁৰ আন্দোলনৰ প্ৰতি সমৰ্থন আগবঢ়াইছে। অভিনেতা নাছিৰুদ্দিন শ্বাহ, ৰত্না পাঠক শ্বাহ, অভয় দেওল, লেখিকা অৰুন্ধতী ৰয়, অৰ্থনীতিবিদ জয়তী ঘোষ আৰু চলচ্চিত্ৰ নিৰ্মাতা সঞ্জয় কাকে এক যুটীয়া বিবৃতিত সোণমৰ এই যুঁজক প্ৰশংসা কৰিছে। অৱশ্যে ভৱিষ্যতৰ দীঘলীয়া যুঁজৰ স্বাৰ্থত তেওঁলোকে সোণমক অনশন প্ৰত্যাহাৰ কৰিবলৈও অনুৰোধ জনাইছে। বিবৃতিত কোৱা হৈছে যে দেশৰ ছাত্ৰ আৰু যুৱ সমাজৰ বাবে তেওঁ যিদৰে এই আন্দোলনৰ নেতৃত্ব দিছে, তাৰ বাবে তেওঁৰ সংকল্প আৰু সাহসিকতাক সকলোৱে চেলুট দিছে। কিন্তু ভৱিষ্যতৰ দীৰ্ঘদিনীয়া যুঁজৰ বাবে তেওঁক সকলোৰে প্ৰয়োজন, সেয়েহে অনতিপলমে অনশন প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। অভিনেতা অভয় দেওলেও ছ’চিয়েল মিডিয়াত সোণমৰ এখন ছবি পোষ্ট কৰি তেওঁৰ কাষত থিয় দিছে।