NORTHEAST NOW (Assamese)

শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ১৪ দিন ধৰি অনশনত সোনম ৱাংচুক, ক’লে ‘মই গান্ধী নহয়’

July 11, 2026 6:25 pm · এন ই নাও নিউজ, গুৱাহাটী

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত দিল্লীৰ যন্তৰ মন্তৰত ককৰোচ জনতা পাৰ্টিৰ তৰফৰ পৰা ধৰ্ণা কাৰ্যসূচী চলি আছে। নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছত কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীৰ পদত্যাগ আৰু শিক্ষা ব্যৱস্থাৰ সংস্কাৰ কৰাটোৱেই তেওঁলোকৰ প্ৰধান দাবী। এই প্ৰতিবাদী মঞ্চতে বিশিষ্ট সমাজকৰ্মী তথা গৱেষক সোনম ৱাংচুকে অনিৰ্দিষ্টকালীন অনশনত বহিছে। শনিবাৰে তেওঁৰ এই অনশন কাৰ্যসূচীয়ে ১৪ দিনত ভৰি দিছে।

একেৰাহে অনশন কৰি শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত অনড় থকা সোনম ৱাংচুকৰ এই আন্দোলনে ছচিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে। ছচিয়েল মিডিয়াত বহু লোকে তেۆঁক আধুনিক গান্ধী বুলি সম্বোধন কৰিছে। কিন্তু সমাজকৰ্মীগৰাকীয়ে ইয়াক লৈ তীব্ৰ আপত্তি প্ৰকাশ কৰিছে। তেওঁ কৈছে যে তেওঁ কোনো গান্ধী নহয় আৰু ছচিয়েল মিডিয়াত বহুতে তেওঁক নায়ক বা গান্ধী বুলি কোৱা কথাটোৱে তেওঁক অস্বস্তিত পেলাইছে।

তেওঁ স্পষ্টকৈ কয় যে তেওঁ এজন অতি সাধাৰণ নাগৰিক আৰু এজন নাগৰিক হিচাপে কেৱল নিজৰ কৰ্তব্য পালন কৰিছে। তেওঁ আনৰ মাজত নায়ক বিচাৰি নুফুৰি সকলোকে নিজৰ নাগৰিক কৰ্তব্য পালন কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে প্ৰতিজন ব্যক্তিয়ে নিজে নিজৰ নায়ক লাগে। একেৰাহে ১৪ দিন ধৰি অনশন কৰাৰ বাবে সোনম ৱাংচুক স্বাভাৱিকতে অসুস্থ হৈ পৰিছে যদিও মানসিকভাৱে তেওঁ এতিয়াও অতি শক্তিশালী হৈ আছে। তেওঁ জানিবলৈ দিয়ে যে তেওঁৰ শৰীৰ এতিয়া অনশনৰ সৈতে অভ্যস্ত বলৈ আৰম্ভ কৰিছে আৰু শৰীৰৰ চৰ্বি তথা পেশী ক্ষয় বলৈ ধৰিছে যদিও তেওঁ নিজৰ স্থিতিত অলৰঅচৰ হৈ আছে।

শিক্ষামন্ত্ৰীৰ পদত্যাগৰ উপৰিও সকলো পৰীক্ষা দুৰ্নীতিমুক্ত কৰা আৰু নীট প্ৰশ্নকাকত ফাদিলৰ বাবে আত্মহত্যা কৰা ২১ গৰাকী শিক্ষাৰ্থীৰ পৰিয়ালক কোটি টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰাটো তেওঁৰ অনশনৰ অন্যতম মূল দাবী। কিন্তু ১৪ দিন পাৰ হৈ যোৱাৰ পাছতো কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা এই আন্দোলনক বিশেষ গুৰুত্ব দিয়া হোৱা নাই আৰু ককৰোচ জনতা পাৰ্টিৰ সৈতে আলোচনাৰ কোনো প্ৰস্তাৱো দিয়া হোৱা নাই। যদি কেন্দ্ৰীয় চৰকাৰে ইয়াৰ পাছতো কোনো সঁহাৰি নিদিয়ে, তেন্তে আলোচনাৰ দাবীত আগন্তুক বৰ্ষাকালীন অধিবেশনৰ সময়ত সংসদ ভৱনলৈ এক শান্তিপূৰ্ণ সমদল উলিওৱাৰ সিদ্ধান্ত লৈছে সংগঠনটোৱে

 

Related News