NORTHEAST NOW (Assamese)
দেশ

পুনৰ অসুস্থ : চিকিৎসালয়ত ভৰ্তি ছোনিয়া গান্ধী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 13, 2026 1:53 pm

কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী ছোনিয়া গান্ধীক অসুস্থতাৰ বাবে হস্পিটালত ভৰ্তি কৰা হৈছে। জানিব পৰা মতে গুৰুগ্ৰামৰ এখন আগশাৰীৰ ব্যক্তিগত চিকিৎসালয়ত তেওঁক ভৰ্তি কৰোৱা হৈছে। সূত্ৰৰ খবৰ অনুসৰি তাত তেওঁৰ এটা অস্ত্ৰোপচাৰ কৰা হ’ব। অৱশ্যে এই অস্ত্ৰোপচাৰটো খুব এটা জটিল নহয় বুলি চিকিৎসালয়ৰ তৰফৰ পৰা ইংগিত পোৱা গৈছে। বৰ্তমানলৈকে তেওঁৰ শৰীৰত ঠিক কি ধৰণৰ অস্ত্ৰোপচাৰ কৰা হ’ব সেই বিষয়ে স্পষ্টকৈ একো জনোৱা হোৱা নাই।

৭৯ বছৰীয়া ছোনিয়া গান্ধী বৰ্তমান ৰাজস্থানৰ ৰাজ্যসভাৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। যোৱা কিছু সময়ৰ পৰা তেওঁ সঘনাই অসুস্থ হৈ পৰা দেখা গৈছে। যোৱা মাৰ্চ মাহতো উশাহ-নিশাহৰ সমস্যাৰ বাবে তেওঁৰ শাৰীৰিক অৱস্থাৰ যথেষ্ট অৱনতি ঘটিছিল আৰু তেতিয়া তেওঁক দিল্লীৰ গংগাৰাম হস্পিটালত ভৰ্তি কৰিবলগীয়া হৈছিল। ইয়াৰ আগতে তেওঁ দুবাৰকৈ ক’ভিডতো আক্ৰান্ত হৈছিল। ক’ভিডৰ পৰা সুস্থ হোৱাৰ পিছৰে পৰা তেওঁ বিভিন্ন শাৰীৰিক সমস্যাত ভুগি আছে।

বিগত বছৰত চিমলাত ফুৰিবলৈ যাওঁতেও ছোনিয়া গান্ধী হঠাৎ অসুস্থ হৈ পৰিছিল। তেতিয়া তেওঁক ততাতৈয়াকৈ চিমলাৰ ইন্দিৰা গান্ধী মেডিকেল কলেজত ভৰ্তি কৰা হৈছিল। আচলতে তেওঁ জীয়েক প্ৰিয়ংকা গান্ধীৰ বাগানবাড়ীত ছুটি কটাবলৈ আৰু কেইটামান মন্দিৰ দৰ্শন কৰিবলৈ তালৈ গৈছিল। কিন্তু হঠাতে শৰীৰ অসুস্থ হোৱাত সকলো পৰিকল্পনা সলনি কৰিবলগীয়া হয়। যোৱা এবছৰত এনেদৰে কেইবাবাৰো চিকিৎসালয়ৰ কাষ চাপিবলগীয়া হৈছে দেশৰ এইগৰাকী প্ৰভাৱশালী নেত্ৰীয়ে।