NORTHEAST NOW (Assamese)

পঞ্জাৱত চাৰিগৰাকী ‘ছাপোৰ্ট ষ্টাফ’ লৈ ‘হাত’ৰ নতুন কেপ্টেইন নৱজ্যোৎ সিং সিদ্ধু; মৌন অমৰিন্দৰ!

July 19, 2021 11:03 am · এন ই নাও নিউজ

অৱশেষত পঞ্জাৱ কংগ্ৰেছৰ নাটকৰ যৱনিকা ঘটিল।ক্ষমতা দখলৰ খেলত জয়ী হ’ল ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অ’পেনাৰ নৱজ্যোৎ সিং সিদ্ধু।

সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই কংগ্ৰেছ হাইকমাণ্ডে বিবৃতি প্ৰকাশ কৰি জনালে যে পঞ্জাৱ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ’ব নৱজ্যোৎ সিং সিদ্ধু।

অৱশ্যে, দলৰ অন্তৰ্কন্দল ঢাকিবলৈ সিদ্ধুৰ সৈতে চাৰিগৰাকী কাৰ্যকৰী সভাপতিও নিযুক্তি দিয়া হৈছে। তেওঁলোকক কোৱা হৈছে সিদ্ধুৰ ‘ছাপোৰ্ট ষ্টাফ’।

পঞ্জাৱত অহা বছৰ অনুষ্ঠিত হ’বলগীয়া বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে বিগত কেইবামাহো ধৰি মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙৰ সৈতে সিদ্ধুৰ সংঘাত ক্ৰমে বৃদ্ধি পাইছিল। তাৰপাছতে অভিযোগ লৈ গান্ধী পৰিয়ালৰ কাষ পাইছিলগৈ সিদ্ধু।

দুয়োগৰাকী নেতাৰ মাজত সংঘাত নিৰসনৰ বাবে ছোনিয়া গান্ধীয়ে দায়িত্ব লয়। অৱশেষত সিদ্ধুক লগত লৈয়েই কংগ্ৰেছক আগবঢ়াই নিবলৈ অমৰিন্দৰক নিৰ্দেশ দিয়া হৈছে। সিদ্ধুক দিয়া হ’ল গুৰু দায়িত্বও।

সিদ্ধুৰ লগতে কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে সংগত সিং গিলজিয়ান, সুখবিন্দৰ সিং ডানি, কুজিত সিং নাগ্ৰা আৰু পৱন গোৱেলক।

Related News