NORTHEAST NOW (Assamese)
Popular Stories

দেশবাসীক সম্বোধনৰ পূৰ্বে মোদীক পত্ৰৰ জৰিয়তে এক বিশেষ আহ্বান ছোনিয়া গান্ধীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 13, 2020 9:33 pm
d4c5a1402900311f3c52f371cd217d34

ক’ৰ’না ভাইৰাছৰ সংকটৰ সময়তে কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীয়ে নৰেন্দ্ৰ মোদীক উদ্দেশ্যি লিখিছে এখন চিঠি।

চিঠিখনৰ জৰিয়তে ছোনিয়া গান্ধীয়ে দুখীয়া লোকসকলক ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ জৰিয়তে ২০২০ৰ ছেপ্তেম্বৰ মাহলৈকে বিনামূলীয়া চাউল প্ৰদানৰ বাবে মোদীক আহ্বান জনায়।

উল্লেখ্য যে, ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে যোৱা মাহত লকডাউন ঘোষণা কৰাৰ পিছতে মোদী চৰকাৰে দুখীয়া লোকসকলক জুন মাহলৈকে বিনামূলীয়া চাউল প্ৰদান কৰাৰ সিদ্ধান্ত লৈছিল।

সোমবাৰে লিখা পত্ৰখনত ছোনিয়া গান্ধীয়ে কয় যে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ জৰিয়তে এপ্ৰিলৰ পৰা জুন মাহলৈকে দুখীয়া সকলক বিনামূলীয়াকৈ ৫ কিলোগ্ৰাম চাউল প্ৰদান কৰা কাৰ্য প্ৰশংসনীয়।

কংগ্ৰেছ অধ্যক্ষাগৰাকীয়ে এই সকল লোকক ১০ কিলোগ্ৰামকৈ চাইল প্ৰদান কৰাৰ সময়সীমা আৰু তিনি মাহ অৰ্থাৎ ছেপ্তেম্বৰ মাহলৈকে বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়ে।

বৰ্ষীয়ান নেত্ৰীগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰলৈ আৰু এটা প্ৰস্তাৱ আগবঢ়ায়। তেওঁ কয় যে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ আওতাত বহু লোক নপৰে, কিন্তু লকডাউনৰ বাবে এই লোকসকলো যথেষ্ট সমস্যাত পৰিছে। এই লোকসকলকো আগন্তুক ছয় মাহৰ বাবে বিনামূলীয়াকৈ ১০ কিলোগ্ৰাম চাউল প্ৰদান কৰিব লাগে।