NORTHEAST NOW (Assamese)
অসম

মাকৰ পৰা বিচ্ছিন্ন হৈ নৈত উটি যোৱা কণমানি ডেৰবছৰীয়া শিশুৰ মৃতদেহ উদ্ধাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 8, 2019 12:33 pm
মাকৰ পৰা বিচ্ছিন্ন হৈ নৈত উটি যোৱা কণমানি ডেৰবছৰীয়া শিশুৰ মৃতদেহ উদ্ধাৰ

শোণিতপুৰ জিলাৰ দীঘলজুলি নৈত উটি যোৱা কণমানি ডেৰবছৰীয়া শিশুটিৰ মৃতদেহ আজি উদ্ধাৰ হয়। আজি পুৱা স্থানীয় লোকে  নৈখতন শিশুটিৰ মৃতদেহ দেখা পাই আৰক্ষীক খবৰ দিয়ে।

পিছত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ কৰুণভাৱে মৃত্যুক সাবটি লোৱা কণমানি শিশুটোৰ মৃতদেহ উদ্ধাৰ কৰে।

উল্লেখযোগ্য যে দেওবাৰে দীপিকা তাঁতী নামৰ এগৰাকী মহিলা দুৰ্ভাগ্যবশত ২ সন্তানসহ দীঘলজুলি নৈত উটি গৈছিল।

সেই সময়তে স্থানীয় এজন কিশোৰে নৈত চটফটাই থকা মহিলাগৰাকীক দেখা পাই উদ্ধাৰ কৰাৰ উদ্দেশ্যে নৈত জাঁপ দিয়ে।  আৰু কিশোৰজনে সাহসিকতাৰ পৰিচয় দি মহিলাগৰাকীৰ লগতে এটি শিশুক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। কিন্তু আন এটি কণমানি ডেৰবছৰীয়া শিশু নৈৰ সোঁতত উটি যায়।

পিছত শিশুটিক উদ্ধাৰৰ বাবে এছ ডি আৰ এফৰ দলেও অভিযান চলাইছিল যদিও শিশুটিক উদ্ধাৰ কৰাত ব্যৰ্থ হয়।

অৱশেষত স্থানীয় ৰাইজে শিশুটিৰ মৃতদেহ নৈত প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।