NORTHEAST NOW (Assamese)
অসম

শোণিতপুৰ আৰক্ষীয়ে কৰায়ত্ত কৰিলে দুজন বাইক চোৰ; উদ্ধাৰ সাতখন বাইক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 28, 2019 9:44 am
tezpur-bike-lifters-750x375

শোণিতপুৰ আৰক্ষীয়ে বৃহস্পতিবাৰে সন্ধিয়া জিলাখনৰ পৰা দুজন দুৰ্ধৰ্ষ বাইক চোৰক কৰায়ত্ত কৰে।

আৰক্ষীৰ নিদ্ৰা হৰণ কৰা এই বাইক চোৰ দুজনক জিলাখনৰ থেলামৰা আৰক্ষী থানাৰ অন্তৰ্গত থেলামৰা-খাগৰিজান অঞ্চলৰ পৰা শোণিতপুৰৰ আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিত কৃষ্ণৰ নেতৃত্ব যোৱা আৰক্ষীৰ দল এটাই গ্ৰেপ্তাৰ কৰে।

অভিযুক্ত বাইক চোৰ দুজনক উক্ত অঞ্চলটোৰ ইক্ৰামুল হুছেইন আৰু মইনুল ইছলাম বুলি চিনাক্ত কৰা হৈছে। তেওঁলোকৰ বাসগৃহৰ পৰা বিভিন্ন স্থানৰ পৰা চোৰ কৰি অনা মুঠ সাতখন বাইকো উদ্ধাৰ কৰা হৈছে।

উক্ত বাইক চোৰ দুজনৰ নাগালেণ্ডৰ ডিমাপুৰৰ সৈতে এক বৃহৎ নেটৱৰ্ক আছে আৰু সমগ্ৰ শোণিতপুৰ জিলাতে দুচকীয়া বাহন চোৰ কৰি এক প্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল। কুখ্যত চোৰ দুজনে জিলাখনৰ মিছামাৰী, থেলামৰা, তেজপুৰ, ৰঙাপাৰা আদি বিভিন্ন স্থানৰ পৰা বাইক চোৰ কৰি আহিছিল।

আৰক্ষীয়ে এই দুই কুখ্যাত বাইক চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাত ৰাইজে সন্তোষ প্ৰকাশ কৰিছে আৰু অচিৰেই বাইক চোৰৰ বৃহৎ চক্ৰক উৎখাত কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰিছে।