NORTHEAST NOW (Assamese)

উন্নয়নৰ পৰিৱৰ্তে কংগ্ৰেছে কেৱল দুৰ্নীতিহে কৰিলে :মুখ্য মন্ত্ৰী সোণোৱাল

April 18, 2019 6:51 pm · ছফিকুল আহমেদ
গুৱাহাটী সমষ্টিৰ লোকসভাৰ বিজেপি প্ৰাৰ্থী কুইন ওজাৰ নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্য মন্ত্ৰী সোণোৱাল। ফটো : ফেচবুক

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গোৱালপাৰাৰ এখন নিৰ্বাচনী সভাত কংগ্ৰেছক প্ৰায় ‘শক্তিহীন’ বুলি অভিহিত কৰি কংগ্ৰেছক ইয়াৰ ‘অপশাসনৰ’ বাবে তীব্ৰ সমালোচনা কৰে।

‘’কংগ্ৰেছে ৬০ বছৰতকৈয়ো অধিক কাল দেশখনত শাসন চলাইছে। কিন্তু উন্নয়নৰ পৰিৱৰ্তে ভাৰতৰ আটাইতকৈ পুৰণি দলটোৱে কেৱল দুৰ্নীতিহে কৰিলে। দলটোৰ নেতৃত্বৰ প্ৰতি সেই কাৰণেই ৰাইজৰ আৰু আস্থা নোহোৱা হৈ আহিছে আৰু ই প্ৰায় এক ক্ষমতাহীন শক্তিত পৰিণত হৈছে,’’-মুখ্য মন্ত্ৰীয়ে মন্তব্য কৰে।

সোণোৱালে দুধনৈত গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজাৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলাইছিল। ‘বিজয় সংকল্প’ নাম দিয়া সমাৱেশখনত মুখ্য মন্ত্ৰীয়ে চৰকাৰৰ কামকাজৰো খতিয়ান দাঙি ধৰে।

বিজেপিৰি নেতাগৰাকীয়ে কয় যে বিগত আঢ়ৈ বছৰত ‘’গোৱালপাৰা জিলাৰ চাৰিওটা লোকসভা সমষ্টিত ৰাস্তা ঘাট নিৰ্মাণ তথা যাতায়তৰ আহুকাল দূৰ কৰাকে ধৰি ব্যাপক উন্নয়ন হৈছে।‘’

আনহাতে, ৰাভা হাছং স্বায়ত্ত পৰিষদৰ মুখ্য কৰ্যবাহী সদস্য টংকেশ্বৰ ৰাঙা আৰু স্থানীয় বিধায়ক দীপক ৰাভাইয়ো সভাত ভাষণ দিয়ে আৰু উপস্থিত ৰাইজক গেৰুৱা দলটোৰ সপক্ষে ভোট দিয়াৰ বাবে আহ্বান জনায়।

টংকেশ্বৰ ৰাভাই মন্তব্য কৰে যে অসমত কংগ্ৰেছ দল ১৫ বছৰ ধৰি শাসনত থকাৰ সময়ত ‘’চাৰিওপিনে অনিশ্চয়তা বিৰাজ কৰিছিল।‘’

তেওঁ ভোটাৰ ৰাইজক ‘কংগ্ৰেছক ভোট দি ভুল নকৰিবলৈ’ আহ্বান জনায়।

Related News