NORTHEAST NOW (Assamese)
Popular Stories

বহু নাবালিকা,যুৱতীৰ জীৱনলৈ সৰ্বনাশ মাতি অনা ছনু পাঞ্জাৱনক ২৪ বছৰৰ কাৰাদণ্ড

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 23, 2020 2:47 pm
Sonu-Panjabon

৩৫ বছৰীয়া মহিলা গৰাকীক দেখিলে কোনেও কব নোৱাৰে যে তেওঁৰ অন্তৰত লুকাই আছে এক পাশৱিক ইচ্ছা।

নাম তেওঁৰ ছনু পাঞ্জাৱন। এই গৰাকী মহিলাই দিল্লীকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অলেখ যুৱতী আৰু নাবালিকাক অপহৰণ কৰি দেহ ব্যৱসায়ী চক্ৰৰ হাতত গতাই দি আহিছিল।

যুৱতী- নাবালিকাক অপহৰণ কৰাৰ ক্ষেত্ৰত ছনুক সহায় কৰি আহিছিল সন্দীপ বেদৱাল নামৰ লোক জনে।

হানি ট্ৰেপিং চক্ৰৰ মূল নায়িকা ছনুৰ প্ৰকৃত নাম গীতা অৰোৰা।ছনুৰ সহযোগী সন্দীপে নানান প্ৰলোভনেৰে যুৱতী,নাবালিকাক প্ৰেমৰ জালত বন্দী কৰে আৰু ইয়াৰ পিছতে তেওঁলোকক অপহৰণ কৰে।

অপহৰণ কৰি নিয়া যুৱতী-নাবালিকা সকলক বিশেষ বেজী দি তেওঁলোকৰ শাৰীৰিক গঠন দেখনীয়াৰ কৰি তোলা হয়।

ইয়াৰ পিছতে তেনে যুৱতী-নাবালিকাক মোটা অংকৰ ধনৰ বিনিময়ত তুলি দিয়া হয় দেহ ব্যৱসায়ী চক্ৰৰ হাতত।

২০১৩ চনত ছনুৰ কৱলৰ পৰা পলাই যাবলৈ সক্ষম হয় এগৰাকী নাবালিকা।

ছনুৱে অপহৰণ কৰাৰ পিছত নাবালিকাগৰাকীক ১২ জন লোকে মিলি বলাৎকাৰ কৰি গৈছিল।

পলাই অহা নাবালিকা গৰাকীয়েই আৰক্ষীৰ আগত সকলো কথা ফাদিল কৰি দিয়ে।

ইয়াৰ পিছতে আৰম্ভ হয় আৰক্ষীৰ অভিযান। ধৰা পৰে ছনু আৰু তেওঁৰ সহযোগী সন্দীপ।

দেশৰ সৰ্ববৃহৎ হানি ট্ৰেপিং কাণ্ডৰ দুই অভিযুক্তৰ বিৰুদ্ধে আজি দিল্লীৰ বিশেষ আদালতে ৰায়দান কৰে।

ছনুক বিহা হয় ২৪ বছৰৰ কাৰাদণ্ডৰ লগতে ৬৪ হাজাৰ টকাৰ জৰিমনা।

ছনুৰ সহযোগী সন্দীপ বেদৱালক  বিহা হয় ১০ বছৰৰ কাৰাদণ্ডৰ লগতে ৬৫ হাজাৰ টকাৰ জৰিমনা।

ৰায়দানৰ সময়ত ছনু পাঞ্জাৱনক উদ্দেশ্যি ন্যায়াধীশৰ মন্তব্য—‘মহিলা হৈ মহিলাৰ বিৰুদ্ধে এনে নিকৃষ্ট কাম কৰে নে?’