NORTHEAST NOW (Assamese)

উত্তৰাখণ্ডৰ দুৰ্যোগ : বলিউডৰ অভিনেতা সনু সুদৰ সহায়ৰ হাত

February 19, 2021 8:00 pm · এন ই নাও নিউজ

বলিউদৰ জনপ্ৰিয় অভিনেতা সনু সুদ নিজৰ বদান্যতাৰ দ্বাৰা পুনৰ শিৰোনামালৈ আহিছে।

কভিড-১৯ লকডাউনৰ সময়ত প্ৰব্ৰজিত শ্ৰমিকসকলক সহায়ৰ হাত আগবঢ়াই উচ্চ প্ৰশংসিত হোৱাৰ পাছত উত্তৰাখণ্ডৰ চামলীত হিমপ্ৰবাহ গলনৰ ফলত মৃত্যু হোৱা এজন লোকৰ পৰিয়ালক সহায়ৰ হাত আগবঢ়াইছে।

এজন ইলেক্ট্ৰিচিয়ান হিচাপে জীৱিকা অৰ্জন কৰা আলম সিং পুন্দিৰ (৪৫) নামৰ লোকজনে এটা সুৰংগত কৰ্মৰত অৱস্থাত থাকোতেই বানপানীত আৱদ্ধ হৈ মৃত্যুমুখত পৰে।

মৃত্যু হোৱা পুন্দিৰৰ পত্নী আৰু চাৰিগৰাকী কন্যা সন্তানক আৰ্থিকভা আৰু শৈক্ষিকভাৱে সহায় কৰিবলৈ  ইতিমধ্যে সনু সুদৰ এটা দল গৈ পৰিয়ালটোক লগ ধৰিছে।

“এয়া প্ৰতিজনৰে দায়িত্ব যে প্ৰাকৃতিক দুৰ্যোগত ক্ষতি হোৱা পৰিয়ালসমূহক সহায় কৰিব লাগে।” অভিনেতাজনে কয়।

উল্লেখযোগ্য যে অভিনেতাজন শেহতীয়াকৈ ‘কিষাণ’, ‘আচাৰ্য’ আৰু ‘পৃথ্বিৰাজ’ নামৰ চিনেমাকেইখনৰ স’তে ব্যস্ত আছে।

Related News