NORTHEAST NOW (Assamese)
Popular Stories

সন্তানৰ অনলাইন ক্লাছৰ বাবে গাই গৰু বেচি মোবাইল কিনি দিয়া গোৱালৰ কাষত ছনু চুড

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 23, 2020 7:52 pm
sonu

দেশজুৰি ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত সকলোতে বন্ধ হৈ আছে বিদ্যালয়।

এতিয়া প্ৰায় সকলো ঠাইতে ছাত্ৰ-ছাত্ৰীৰ বাবে চলিছে অন লাইন ক্লাছ।

হিমাচল প্ৰদেশৰ গামাৰ নামৰ সৰু গাঁও খনৰ বাসিন্দা কুলদীপ কুমাৰ। পেছাত গোৱাল।

কুলদীপৰ দুই সন্তান ক্ৰমে—চাৰি বছৰীয়া কন্যা অনু আৰু দুবছৰীয়া পুত্ৰ বংশ।

দুয়োটি সন্তানেই অন লাইন ক্লাছৰ পৰা বঞ্চিত হৈ আছিল ।

কাৰণ অনলাইন ক্লাছৰ বাবে পিতৃ কুলদীপ কুমাৰে তেওঁলোকক দিব পৰা নাছিল এটা স্মাৰ্ট ফোন।

ইপিনে অনলাইন ক্লাছ নকৰাৰ বাবে শিক্ষকৰ হেঁচা।

উপায়ন্তৰ হৈ এটা মোবাইল ফোন কিনাৰ বাবে ধন ধাৰলৈ বিচাৰি কুলদীপ কুমাৰ গ’ল পঞ্চায়তৰ কাৰ্যালয়লৈ।

কিন্তু নিৰাশ হ’ল কুলদীপ।

এইবাৰ তেওঁ গ’ল স্থানীয় বেংকলৈ। তাতো একো ফল নধৰিলে।

 

শেষত উপায় নাপাই কুলদীপে তেওঁৰ উপাৰ্জনৰ একমাত্ৰ সম্বল গাইজনীকে বেচি পুত্ৰ-কন্যাক অনলাইন ক্লাছৰ বাবে এটা মোবাইল ফোন কিনি দিলে।

হিমাচল প্ৰদেশৰ দুখীয়া গোৱাল পৰিয়ালটোৰ এনে হৃদয় বিদাৰক কাহিনীৰ বিষয়ে অৱগত হৈ শ্ৰমিকৰ বাবে দেৱদূতত পৰিণত হোৱা বলীউডৰ অভিনেতা ছনু চুডে কুলদীপ কুমাৰৰ পৰিয়ালটোক সহায় কৰাৰ বাবে আগবাঢ়ি আহিছে।

তেওঁ দুখীয়া পৰিয়ালটোৰ ঠিকনা বিচাৰি কৰিছে এক বিশেষ টুইট।