এইবাৰ দৰিদ্ৰৰ সেৱা: প্ৰতিদিনে ৪৫ হাজাৰ লোকক খুওৱাৰ দায়িত্ব ল’লে অভিনেতা চনু চুদে
চিকিৎসক, নাৰ্ছ তথা স্বাস্থ্যকৰ্মীসকলৰ বাবে নিজৰ মুম্বাইৰ জুহুৰ হোটেলৰ দুৱাৰ ইতিমধ্যে খুলি দিছে বলীউদৰ অভিনেতাগৰাকীয়ে। এইবাৰ আমচি মুম্বাইৰ দৰিদ্ৰ লোকসকলক খুওৱাৰ দায়িত্বও ল’লে অভিনেতা চনু চুদে।
অভাৱগ্ৰস্ত, লকডাউনৰ ফলত খাদ্যৰ অভাৱত ভোগা এনে প্ৰায় ৪৫হাজাৰ দুখীয়া লোকক দুইবেলা খুওৱাৰ দায়িত্ব লৈছে চনুৱে।
অভিনেতা চনুৱে তেওঁৰ প্ৰয়াত পিতৃ শক্তি সাগৰ চুদৰ নামেৰে শক্তি আনন্দম নামৰ এটি স্বেচ্ছাসেৱী সংস্থা আৰম্ভ কৰিছে। বৃহনমুম্বাই মিউনিচিপাল কৰ্পোৰেশ্যনৰ( বি এম চি) সৈতে যৌথ উদ্যোগত চনুৰ সংস্থাটোৱে দৰিদ্ৰসকলক আহাৰ যোগান ধৰিব।
তেওঁ মুম্বাইৰ আন্ধেৰি, যোগেশ্বৰী, বান্দ্ৰাৰ দৰে কেইবাটাও অঞ্চলত বসবাস কৰা প্ৰায় ৪৫ হাজাৰ দুখীয়া লোকৰ বাবে আহাৰৰ ব্যৱস্থা কৰিব।
অভিনেতাগৰাকীয়ে তেওঁৰ প্ৰচেষ্টা সন্দৰ্ভত কয়,’’আমি সকলোৱে এক কঠিন পৰিস্থিতিৰ মাজেৰে যাত্ৰা কৰিছো। এই সময়ত বহুতেই হয়তো আমাৰ দৰে স্বাভাৱিক জীৱন যাপন কৰিছে।কিয়নো আমাৰ খোৱা বা থকাৰ অভাৱ হোৱা নাই। কিন্তু এনেকুৱা বহু লোক আছে যাৰ বাবে প্ৰতিদনে দুবেলা দুমুঠি খোৱাৰ যোগাৰ কৰাটোৱে কঠিন হৈ পৰিছে। লকডাউনৰ ফলত কাম বন্ধ হৈ পৰিছে। মই মোৰ পিতৃৰ নামেৰে শক্তি আনন্দম নামৰ এটি সংস্থা আৰম্ভ কৰিছো। এই সংস্থাৰ পৰাই প্ৰতিদিনে কমেও ৪৫ হাজাৰ দৰিদ্ৰ লোকক খুওৱাৰ তথা খাদ্যপাতি যোগান ধৰাৰ ব্যৱস্থা কৰিছো। ইয়াৰ জৰিয়তে মই কিছু পৰিমানে হ’লেও দৰিদ্ৰ লোকসকলৰ কাষত থিয় দিব পাৰিম বুলি আশা কৰিছো।‘’
উল্লেখ্য যে যোৱা বৃহস্পতিবাৰে অভিনেতাগৰাকীয়ে তেওঁৰ নিজৰ জুহুৰ হোটেলৰ দুৱাৰ স্বাস্থ্যকৰ্মীসকলৰ বাবে খুলি দিয়াৰ কথা ঘোষণা কৰিছিল।
চনুৱে বি এম চি আৰু বহুকেইখন হাস্পাতলৰ সৈতে কথা পাতি তেওঁৰ হোটেলত স্বাস্থ্যকৰ্মীসকলক জিৰণি লোৱাৰ বাবে ব্যৱস্থা কৰি দিছিল।