NORTHEAST NOW (Assamese)
Popular Stories

লকডাউনত কর্মহীন হোৱা লোকসকলৰ স্বনিয়োজনৰ উদ্যোগ লৈছে দ্ৰৰিদ্ৰৰ বান্ধৱ অভিনেতা চুনু চুধে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 13, 2020 3:01 pm
921492-sonu-sood-haryana-remote-village-smartphones

লকডাউনত প্ৰব্ৰজিত শ্ৰমিকৰ বাবে ভগৱান দৰে আবিৰ্ভাৱ হোৱা বলিউদৰ অভিনেতা চুনু চুধে পুনৰ এক জনহিতৈষী আঁচনিৰ কথা ঘোষণা কৰিছে।

উল্লেখ্য লকডাউনৰ সময়ত প্ৰৱাসত আৱদ্ধ হৈ পৰা প্ৰব্ৰজিত শ্ৰমিকক সম্পূৰ্ণ নিজা প্ৰচেষ্টাত ঘৰলৈ প্ৰেৰণ কৰা অভিনেতাগৰাকীৰ মানৱীয় প্ৰমূল্যবোধৰ বাবে কেৱল দেশতে নহয় আন্তৰাষ্ট্ৰীয় পৰ্যায়তো প্ৰশংসিত হৈছিল।

দুখীয়া-দৰিদ্ৰজনৰ দুখ কষ্টৰ সৈতে একাত্ম হৈ পৰা চুনু চুধে সেই ধাৰা অব্যাহত ৰাখি এইবাৰ লকডাউনত কৰ্মহীন হোৱা লোকসকলৰ বাবে এক বিশেষ উদ্যোগ গ্ৰহণ  কৰিছে।

“খুদ কামাও ঘৰ চালাও” শীৰ্ষকেৰে আৰম্ভ কৰিব খোজা এই উদ্যোগৰ দ্বাৰা অভিনেতাগৰাকীয়ে এইবাৰ লকডাউনত কৰ্মহীন হোৱা লোকসকলৰ বাবে আগবঢ়াব ই-ৰিক্সা।

দেওবাৰে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এই বিষয়ে ঘোষণা কৰি অভিনেতাগৰাকীয়ে লিখিছে, “যোৱা কিছু মাহ ধৰি মানুহৰ পৰা মই বহুত মৰম আৰু আদৰ লাভ কৰিছো। আৰু ইয়ে তেওঁলোকৰ বাবে সেৱা আগবঢ়াই যাবলৈ মোক উৎসাহ প্ৰদান কৰিছে। সেয়ে তেওঁলোকৰ বাবে মই ‘খুদ কামাও ঘৰ চালাও’ এক উদ্যোগ গ্ৰহণ কৰিব খুজিছো।”

উল্লেখ্য যে ইয়াৰ পূৰ্বে অভিনেতাগৰাকীয়ে প্ৰৱাসী ৰ’জগাৰ নামৰ এটা এপ সৃষ্টি কৰি ক’ৰ’ণা মহামাৰীৰ সময়ত সংস্থাপন হেৰুওৱা ৫০ হাজাৰৰো অধিক মানুহক সংস্থাপনৰ সুবিধা কৰি দিছিল।

“মই বিশ্বাস কৰো যে যোগান বা বিতৰণ কৰাতকৈ সংস্থাপনৰ সুযোগ প্ৰদান কৰাতো অধিক গুৰুত্বপূৰ্ণ। মই নিশ্চিত যে এই উদ্যোগে তেওঁলোকক স্বনিৰ্ভৰশীল আৰু স্বাৱলম্বী কৰি তোলাত সহায় কৰিব।” ৪৭ বৰ্ষীয় বলিউদৰ অভিনেতাগৰাকীয়ে কয়।